পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাৰ ইতিবৃত্ত। সোমনাৰায়ণৰ শোলমাৰী, চাপলেকুচি আদি ঠাইত ৪৫৩ জন চেষ্টনিয়াল বা টকনিয়াল আছিল। এ ক্ষমতাপ্ৰিয় পুৰুষ আছিল। প্ৰতাপী দেখি এওঁক বৰফুকনে বুজৰ বৰৱা পদ মিছিল কিন্তু সংবাদ আহি পোৱাৰ আগতে হঠাতে তেওঁৰ মৃত্যু হয়। ১৮৷ হোগ-পকোৱাৰ চৌধাৰী হৈছিল। ১৯। মদ-এও সংস্কৃত ও জ্যোতিষ বিদ্যাত শাস্ত্ৰজ্ঞ পণ্ডিত আছিল; সদায় ধৰ্ম চৰ্চা কৰি থাকিবলৈ ভাল পাইছিল। এওঁ কামৰূপী কায়স্থ সকলৰ বংশাৱলী ভালদৰে জানিছিল আন কি কিছুমান পুৰুষীনামা কণ্ঠস্থ আছিল। এওঁ এজন নৈষ্ঠিক পুৰুষ আছিল। ১৮) গোপালচৰণ-নতুনদেহৰ পৰণাৰ চৌধানী হয়। এই পৰগণাত খুখুলি নামে গাৱত এক পাট কৰিছিল। এওঁৰ নাতি- শ্ৰীযুত কালীচৰণ চৌধাৰী-এওঁ শিক্ষিত শান্ত আৰু সাধু স্বভাৱৰ লোক নৰ্মাল ৩য় বাৰ্ষিক। বৰ্তমানে কনট্ৰেক্টৰ কাম কৰে। কামৰূপ অৰ্য্য কায়স্থ সভাৰ সম্পাদক আৰু প্ৰাচীন কামৰূপ কায় সভা সংস্থাপনৰ এজন সভ্য আৰু কামৰূপ কায়স্থ সমাজৰ এওঁ এজন নেতৃ লোক। ১৮৷ সভাৰাম-গোপাল চৰণৰ পাচত নতুনদেহৰ পৰণাৰ চৌধাৰী হয়। এওঁ কেন্দুকুচি, ডাঙুৱা পৰা, চাপলেকুচি, কঠালবাৰি অদিত কিছুমান ভূসম্পত্তি লাভ কৰে। এওঁ এজন পণ্ডিত আছিল। ১২ স্কন্ধ ভাগৱত এওঁৰ কণ্ঠস্থ আছিল। পুষ্পম-এওঁ পিতৃৰ পাচত নতুনদেহৰ, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰি মৌজাত চৌধাৰী হয়। এই বংশৰ উপৰি পুৰুষে গোপাল বিগ্ৰহ স্থাপন কৰে। এই বিগ্ৰহৰ নামেই ওপৰৰ ফলিত লিখা ভূমি আহোমৰাজে দান কৰাত সি এখন সত্ৰৰদৰে হয়। ৰজা ঘৰৰপৰা কিছুমান ভকতে পায়। এওঁলোকৰ নিজা নিজা কিছুমান গোলাম বান্দীও আছিল। বিগ্ৰহ নিত্যনৈমিত্তিক পূজা সেৱাৰ বাবে প্ৰাচীন কালতেই কিছুমাৰ ভূমি পূজাৰীক দি গৈছে। এই পূজাৰীৰ বংশধৰসকলে বৰ্তমান সময়লৈকে এই বিগ্ৰহ পূজা কৰি আহিছে। এই সত্ৰত দৈনিক ভাগৱত পাঠ, বিষ্ণু সহস্ৰনাম পাঠ কৰাৰ পদ্ধতি আছিল; আৰু এই উদ্দেশে ফেলে নদীৰ চণ্ডীবৰ শৰ্মা পণ্ডিতক ২০ বিঘা আৰু শ্ৰীকান্তদেৱ শৰ্মাক ২০ বিঘা মাটি ধৰ্মাৰ্থে দান কৰিছিল। বালিজানা সত্ৰৰ কথা (২৮০ পৃষ্ঠা) লক্ষ্মীমপুৰৰ জমিদাৰ কমলোচন পোনতে বৰপেটা সত্ৰত ভাগবতী ধৰ্ম গ্ৰহণ কৰে। বালিজানাৰ অধিকাৰ অমৃতকান্ত নিৰ্বংশ হোৱাত খলেপাৰাত থকা ব্ৰজকান্ত অধিকাৰীৰ ভাই ৰঘুকাদেৱক পোয় গ্ৰহণ কৰে। তেওঁৰ পুত্ৰ ৰত্নেশ্বৰ নিৰ্বংশ হোৱাত, তেওঁৰ ভাগিণ বানেশ্বৰ অধিকাৰী বালিঙ্গানাৰ মালিক মেচপাৰাৰ জমিদাৰ ৰণাম চৌধাৰী আৰু তেওঁৰ পুত্ৰ মহীৰাম চৌধাৰীয়ে বালিজানা সত্ৰক প্ৰায় বিঘা নিঙ্কৰ ভূমি দান কৰে। এই ভূমি বানেশ্বৰ অধিকাৰীৰ পুত্ৰ শ্ৰীযুত দেবেন্দ্ৰনাৰায়ণ অধিকাৰীয়ে ৩০ ০ ০ বৰ্তমানে ভোগ কৰে।