t কায়স্থ সমাজৰ ইতিবৃত্ত। সকলে লৰা-ছোৱালীক দেশীয় ভাষা শিক্ষা দিছিল তেওঁলোকক ‘কাইপ’ বুলিছিল আৰু সেই শিক্ষাটোক ‘কাইথেলী বিদ্যা বুলিছিল। এই ‘কাইপ’সকল প্ৰায় কায়স্থ জাতিৰ লোকেই আছিল; কিন্তু মাজে মাজে দুই এজন আন জাতিৰ মানুহে “কাইথ” আছিল। ইয়াৰ উপৰি কিছুমান ৰাজ-বিষয়া, গোসাই ঘৰীয়া বিষয়াৰ পদো কাইথ বা কায়স্থ আছিল; যেনে--“ভড়াল কাইপ’ বা ‘ভাণ্ডাৰ কায়স্থ, “বৰকায়স্থ, ‘ভাণ্ডাৰ বৰকায়স্থ’ ইত্যাদি। এই সকলৰ প্ৰায়বিলাকেই কায়স্থ জাতিৰ লোক হলেও দুই চাৰিজন অন্য জাতিৰৰ লোক আছিল। এই কাৰণে ‘কায়স্থ’ শব্দটো অকল জাতিবাচক বুলিলে পোনতে ভুল হোৱা যেন লাগে; আচলতে কিন্তু কায়স্থ” শব্দে এক জাতিৰ মানুহকহে বুজাষ; তলত এই সম্বন্ধে কিছুমান কথা উল্লেখ কৰা হল। ‘কায়স্থ’ শব্দৰ উৎপত্তি লৈ নানা পণ্ডিতে নানা ভাৱে আলোচনা কৰিছে; তাৰ ভিতৰৰ আমাৰ মনত সত্য বুলি ধাৰণা হোৱা কেইটামান আলোচনা তলত তুলি দিলো—পাৰ ৰাজা দেযচে * নাক্ষি- ই-কন্তম পৰ্বতৰ গাত শিলালিপি খোদিত কৰি তেওঁৰ কথা প্ৰচাৰ কৰিছিল; তাত তেওঁ ৰাজা আৰু ৰাজ্যৰ অৰ্থত ‘ক্ষয়ত আৰু ‘ক্ষায়থিয়’ শব্দ ব্যৱহাৰ কৰা জেল ভাষাৰ অবেস্তাৰ ইংৰাজী অনুবাদত দেখা যায়। অধ্যাপক ডা: ইৰাক জাহাঙ্গীৰ চোৰাবজী ৰাপুৰৱালাই অবেস্তাৰ অনুবাদৰ ২০ পৃষ্ঠাত ‘ক্ষায়পিয়, শব্দই পৰবৰ্তী কালত ক্ষয় হয়, আৰু ক্ষয়তো’ শব্দৰ লগত “যিম” শব্দ সদায় যোগ পাকে বুলি কয়। “যিমক্ষয়তো কথাৰ অৰ্থ যমৰাজা। পাৰ্চী “পঞ্চায়েত ভাণ্ডাৰ”ৰ সম্পাদক শ্ৰীযুত জীবনজী জামচেদজী মোদায়ে জেন সাহিত্যৰ আলোচনা “ক্ষ” আৰু “খ”ৰ উচ্চাৰণৰ ভেদ নাই বুলি প্ৰকাশ কৰিছে। তেওঁৰ সংস্কৃত অবেস্তাৰ টীকাত “ন্নিান” শব্দৰ বিশ্লেষণ দেখিলেই ভালদৰে বুজা যায়। সংস্কৃত “কংস” ধাতু দেয়চৰ শিলালিপি একে অৰ্থে “ংস” ৰূপে দেখা যায়। ক, ত, প, এই তিনি বৰ্ণ ২য় বৰ্ণৰ সহায নহলে উচ্চাৰিত নহয; সেই কাৰণে ভাষাতত্ত্ববিদসকলে কয—এ চান জেল সাহিত্যত ক্ষয়ে’, ‘খয়েত’, ‘কতে’ বা ‘কয়েণ’ ইয়াৰ যিটোকেই কোৱা যায় সেইটোৱেই অশুদ্ধ নহয়। এইবোৰ নিয়ম পালি, প্ৰাকৃততে। দেখিবলৈ পোৱা যায়; যেনে ক্ষুদ্ৰৰ ঠাইত কুড়, ধ্বংগৰ ঠাইত ধংক ইত্যাদি। এতেকে জেব্দ সাহিত্যমতে ‘খয়েত’ বা ‘কয়েথ’ নাইবা ক্ষয়ত’ শব্দই ৰাজা বুজায়। “নঃ সুক্ষত্ৰা ক্ষত দিবো ননাদিত্যাং” ঋক বেদ ৬৫ ১/৪ মঙ্গ। অৰ্থাৎ হে নিত্য তৰুণ অতি বলী নেতা স্বৰ্গৰ ৰাজা আদিতাসকল! এই মত পাকা সুক্ষত্ৰ শব্দৰ অৰ্থ অতিবলী; ক্ষত শব্দৰ অৰ্গ ৰাজ॥ এতেকে ক্ষয়ত’ শব্দটো ক্ষত্ৰিয়বাচক বুলি ধৰিলে ভুল নহব লাগে। সংস্কৃত ‘প্ৰক্ষালয় প্ৰাকৃত ‘পাল, সংস্কৃত ‘ৰক্ষ প্ৰাকৃত “ব”। ঢাকা অঞ্চলৰ মানুহৰ মুখত
- ,কা’ শব্দ ‘ডাকা’, ‘ভাত' শব্দ ‘বাত' আদি উচ্চাৰিত হোৱাৰ মূলে পূৰ্ব বৰ্ণ উচ্চাৰিত হোৱাকে ধৰিব
লাগিব। এতেকে ভয়েত, কয়েত বা কয়েপ এ দেৱভাষা সংস্কৃত কায়স্থ হোৱা বুলি ধৰিব পাৰি। আমি ওপৰত উল্লেখ কৰা যিম খয়েত দেৱ ভাষাত ‘যম কায়স্থ হয়। কিছুমানে যমৰাজাৰ লিখক চিত্ৰগুপ্তক কায়স্থৰ বীজপুৰুষ বুলি উল্লেখ কৰে; অচলতে চিত্ৰ গুপ্ত কায়স্থ।
- কায়স্থ তত্ত্ব দীধিতি ১১২ পৃষ্ঠ।