পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতিবৃত্ত। ২৫৫ আহোম ৰাজ লক্ষ্মীসিংহৰ দিনতেই বৰ ভাগ পৰগনা দুই ভাগ কৰে; পূৰৰ খণ্ডক উপৰ খুৰাগ আৰু পশ্চিম খণ্ডক নামবৰগ নাম দিয়ে। ভোগনাৰায়ণ বৰভাগত চৌধাৰী আছিল। সনাথ বৰুৱা আলি মতে স্বৰ্গীয় মহাৰাজ প্ৰমত্তসিংহৰ দিনতহে বৰভাগ ফালি দুই ভাগ কৰে। ভোগনাৰায়ণৰ ২য় পুত্ৰ ধৰ্ম নাৰায়ণ আহোম ৰজাৰ তলে বকায়স্থ হৈছিল। ৩য় পুত্ৰ ধীৰনাৰায়ণ সন্যাস অবলম্বন কৰি গৃহ ত্যাগ কৰে। ভোগনাৰায়ণৰ ১ম পুত্ৰ লক্ষ্মীনাৰায়ণৰ চাৰি পুত্ৰ; পদ্মনাৰায়ণ, গোৰীনাৰায়ণ, মহীনাৰায়ণ আৰু হংস নাৰায়ণ। চাৰিওজন চাৰি ঠাইত চৌধাৰী হৈছিল। লক্ষ্মীনাৰাষণৰ নাতি অঙ্গদ নাৰায়ণে বাঙ্কাত চৌধাৰী হৈছিল। লক্ষ্মীনাৰায়ণৰ ২য় পুত্ৰ গৌৰীনাৰায়ণ ইংৰাজ আমোসত চৌধাৰী হৈছিল। তেওঁক চৌধাৰী পাতা কাকতৰ নকল তলত দিয়া হল। এওঁ দ্বাৰ বাস্কাৰ চমুয়া দ্বাৰও আছিল। এই চমুয়। গদাধৰ বৰভূঞাই স্থাপন কৰে। চুতিয়া আৰু কছাৰী ৰজাৰ লগত সন্ধি কৰি এওঁ কিছুমান সাহিয়াল কছাৰী প্ৰজা ভোটৰ দুৱাৰত অৰ্থাৎ দ্বাৰ বাঙ্গাত ব্যাপন কৰে। লক্ষ্মীনাৰায়ণৰ প্ৰথমা পত্নীৰ নাম ভবপ্ৰিয়া। এও বালিকৰিয়াৰ দীনমনি পাটোৱাৰীৰ জীয়াৰী আছিল। পদ্মনাৰায়ণক জন্ম দিয়াৰ পাচতে ভবপ্ৰিয়াৰ অকাল মৃত্যু ঘটে। এই ঘটনাই লক্ষ্মীনাৰায়ণৰ মনলৈ বৈৰাগ্য ভাব আনে। সেই সময়ত মাখিবাহাৰ ওচৰেদি হিমালয় প্ৰন্থী সন্ন্যাসী সকলৰ এটি বাট আছিল। আলাদ গিৰি নামে সন্ন্যাসী পশুৰাম কুণ্ডৰপৰা ভটীয়াই যাওঁতে মাখিবাহাত বয়হি। লক্ষ্মীনাৰাষণে পাঁচজন লগৰীয়া সহিতে সেই সন্ন্যাসীৰ লগত পশ্চিমৰ ফালে তীৰ্থ ভ্ৰমণ কৰিবলৈ যাষ। গঙ্গ, গয, কাশী, শ্ৰীক্ষেত্ৰাদি সমুদ য তীৰ্থ ভ্ৰমণ কৰি সুদূৰ পুৰ তীৰ্থলৈ যায়। লক্ষ্মীনাৰায়ণে পুষ্পৰ তীৰ্থত যি পাণ্ডা বৰণ কৰিছিল সেই পাণ্ডাৰ বংশধৰৰ ঘৰত তেওঁৰ তীৰ্থ ভ্ৰমণৰ কাহিনী লেখা আছে। গত ১৯২৬ চনত খটীয়ামাৰীৰ শ্ৰীযুত হৰকান্ত গোস্বামী মোকাৰ আৰু ৰায় বাহাদুৰ কালীচৰণ সেন উকীল মহাশযে স্বচক্ষে সেই কথা দেখি আহিছে। তেওঁ প্ৰায় ১২ বছৰ কাল তীৰ্থ ভ্ৰম। আৰু দেশ দৰ্শন কৰিছিল। তেওঁ আগ্ৰাৰ তাজ মহল দেখিবলৈকে যোৱা প্ৰমাণণা ইঠাৰ মানুহে পাই আহিছে। তেওঁৰ ৰচতি ‘গুৰু মোকে দয়া নাচাৰিবা, মই বৰ পাতকীৰ পাপী, গুৰু চৰণে ৰাখিবা।” ইত্যাদি গীত মানুহে আজও মুখে মুখে গাই আহিছে। - দুৰ্গা নং ১২ বন্তী চাহেব কমিচনৰ মহামন্ত্ৰী জুনিয়ৰৰ আজ্ঞা গৌৰীনাৰায়ণ চৌধাৰী পৰগনে নামবৰভাগ সাবধানে শুনিবি তোক এক বৎচৰলৈ সংখ্যা কৰি ঐ পৰগনাৰ চৌধাৰী পতা গৈছে। এতেকে তোলৈ লেখ যায় আৰু বেলিৰ বন্দবন্তেৰ কাকতৰ দৰে জিনিবন্ধ কৰি বাৰ কাকতত লখি দিয়া গৈছে এইদৰে সঠত ধন নাৰানি ৩৪৮১l তিনি হেজাৰ চাৰি শ একাশি টাকা ছয় আনা টাকা দুই চৌছতে কিন্তি বন্দিৰ দৰে মোকাম গুৱাহাটীৰ তহশীল কাছাৰীত হুজুৰৰ