পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৪ কায় সমাজৰ ইতিবৃত্ত। ফক ছালমাং by

গিৰি পাইক নিংপা গ্ৰামীং সঙ্গি বামুণ স লে মনৰ গাওঁ ol olo ধনুকাগাও ১১ ch ch হাদলাগাও 8 ol ও পোয়াল ২ বাসুদেৱৰায় চৌধাৰীৰ সুৰ্য্যপ্ৰিয়া নামে এটি ৰূপৱতী কন্যা আছিল; এই কন্যাক বিশ্বসিংহই খোজা তেওঁ বিমোৰত পৰে, পাচত কিবা এটা কৌশল কৰি কোচাজ সেই আক্ৰোশৰপৰা মুক্ত হয় আৰু পূৰ্বপৰীয়া বৰুৱাৰ উপৰি পুৰুষ কায়স্থ বল্লভ ৰায়ভূঞাত কাটা সম্প্ৰদান কৰে। বাসুদেৱৰ ভায়েক হৰিনাৰায়ণৰ ২য় পুত্ৰ ধনঞ্জয়। চতুভুজ ঠাকুৰ পুৰুষে বৰভাগত ধৰ্ম প্ৰচাৰ কৰোঁতে ধনঞ্জয়ে তেৰৰ পৰা ধৰ্ম গ্ৰহণ কৰে। ধনঞ্জয় কিবা কাৰণত মাখিবাহা ত্যাগ কৰি খাতাপৰগনাৰ জাপাৰ কুচিক আহে। এওঁ জাপাৰকুচিত কিছুমান ধৰ্মোত্তৰ মাটি পাইছিল; বশংবৰসকলে বৰ্তমান সময়লৈ তাক লোগ কৰি আছে। বাসুদেৱৰায়ৰ পুত্ৰ পৰ্বতৰায় অলপ বয়সতে স্বৰ্গী হয়। সেই কাৰণে ভাযেক ৰামৰয়ৰ পুত্ৰ জয়নাৰাষণ পূৰ্বসম্পতিৰ মালিক হয়। এই সময়ত কামৰূপ আহোম ৰজাৰ অধীন হয়। আহে ম ৰজা লক্ষ্মীসিংহে জয়নাৰায়ণ ওৰফে ভোগনাৰায়ণক বৰভাগৰ চৌধাৰী পাতে। ভোগনাৰাযণক আহোম ৰাজে এক খণ্ড ঠাই ধৰ্মোত্তৰ কৰি দিয়ে আৰু লগতে কিছুমান ভকত দিযে- তামৰ ফলিৰ নকল তলত দিযা হল – ওঁ স্বস্তি শ্ৰীযুত কামাখ্যাপদপদ্মমধুব্ৰত। শ্ৰীললক্ষ্মীসিংহভূপাল পুৰন্দৰকুলোবঃ। ৰিপুনৃপকুলমস্তশ্ৰেণি বিন্যস্তমনিস মমলিঙ্গীস্মেৰপাদাৰবিন্দ। হিমকৰকৰকীৰ্তিঃ কামসঙ্কাসমূৰ্তিঃ স্বননচয়উৎসম্মান্তিকল্পকলা মামদাৎপত্ৰিকা শ্ৰীকামৰূপনিবাসিনে। অসৌ ধৰ্মৰততভূপস্তদেষ্কৃতিৰক্ষিণীং। কামৰূপদেশৰ বড়ু বৰকাষ ও চৌধাৰী ও পটৰি ও তালুকদাৰ ও ঠাকুৰিয়া আনো সকল সাবধানে জানিব নামবৰৰ বৰগৰ ক্ষুদ্ৰমাখিবাহা গ্ৰামৰ পেএক ভকত ৯ নঘৰ দহকাওনি। গা এত পিয়ালৰ উবাৰ জঙ্গলা মাটি ৰুপিত ১০ পুৰা ফৰিঙ্গতি তৃগুণিকৈ ১০ পুৰা বাওলি তৃগুণিকৈ ১০ পুৰা বাৰিবৰি ৮ পুৰা দিপিড জমি ম'টা ২০ পুৰা বাৰিবৰি ১০ পুৰা আৰু মথুৰাপুৰত হাবি দলনি তৃগুণকৈ ৪০ পুৰা পূৰ্বে নামধন গোসাইব ধৰ্ম্মত্তৰৰ সিমা দক্ষিণে টঙ্গিলৈ পচিমে খাগৰবাৰিয়া মেধিৰ ধৰ্ম্মত্তৰৰ সিমা উত্তৰে মথুৰাপুৰৰ গোৱা গৰ গ্ৰামত অখৰউবাৰ দলনিমাটা তৃগুণিকৈ ১০ পুৰ। পূৰ্বে শিমলুগাছ দক্ষিণে দেৱৰিষাৰ গৃহ পশ্চিমে পাইকৰ গৃহ উত্তৰে ৰাজ আলি মাখিবাহা গ্ৰামত পিয়লৰ উবাৰ হাবি দলনি মাটী তৃগুণিকৈ তিনি দফে ৪০ পুৰা পূৰ্বে মহতাব জান দক্ষিণে মৰানৈ পচিমে খাতাৰ সহ উত্তৰেও খাতাৰ স্বহ। ভকত কপিলদেউপং। কৃষ্ণ দেউক। বনমালি কাচুয়াক। ৰামৰাই বৰিহনাকৈ। দুলুবাকো। আত্মৰামবে। অনন্ত গোবিন্দাছ। গেছেং। হাহাৰি। মটাহাৰি। গৰিয়াতু। এই মানুহ মাটী vৰ পুণ্যাৰ্থ ভোগনাৰাষণ চৌধাৰীক তাম্ৰপত্ৰ কৰি দিয়া গেল এই মাটী মানুহৰ কৰ কাটল পদপঞ্চক বেঠবেগাৰ জলকৰ যবখাৰ চোৰচিনল। ধুমচি মাৰেচা কাটঘাট চকি ফাট দণ্ডবন্ধ দানখুত ভৰ পুণ্যাৰ্থে সৰ্ব্ব বাব পৰিত্যাগ হৈল মঠ ঘৰ বাজি তেল বস্তি জলাই ৰ কুশল চিন্তি পুত্ৰপৌত্ৰাদিক্ৰমে পৰম সুখে ভোগ্য কৰি থাকিবেক ইহাত অগ কুনো যদি অন্যথা কৰে দণ্ডা হৈবেক ইতি সক ১৬৯২ মাস আস্বিন। » আহোম ৰজা চুনেমুৰ আশ্ৰয় গ্ৰহণ কৰে। এই কাৰণৰ পৰাই কোচ আৰু আহোমৰ কলিয়াবৰত ৰণ কষ। এ কথাৰ কিঞ্চিৎ আভাষ গেইটৰ ইতিহাসততা আছে।