সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। প্ৰণালী দ্বিতীয় আপীলান্টেৰ জিম্মায় থাকায় যোগ্য আমাক আত্মকলহে কিমান অধঃপতনলৈ নিছিল আৰু বৰ্তমানেও নিব ধৰিছে তলত আৰু কেইটিমান উদাহৰণ দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ। কামৰূপৰ ক্ষেত্ৰীৰ নাৰায়ণ গোমথাৰ বংশধৰ চান্দৰয় বৰকায়স্থ চক্ৰধজসিংহৰ দিনত কামৰূপত এজন প্ৰখ্যাত লোক আছিল। বিখ্যাত শ্ৰীঘাটৰ ৰণত এওঁ লাচিত ফুকনৰ সৈতে যোগ হৈ মোলৰ বিপক্ষে অস্ত্ৰ ধৰিছিল। এওঁৰ বিষয় পুৰুষীনামাৰ লগত অলপ বহলকৈ লিখা হৈছে। ইয়াত কেৱল তেওঁৰ বংশৰ ভিতৰত ঘটা আত্মকলহৰ বিষয় পুৰাতত্ববিদ নীৰব পণ্ডিত পূজনীয় শ্ৰীযুত ৰণীধৰ চৌধাৰী মহাশয়ে আমালৈ পঠোৱা টোকাটি তুলি দিলো। “চান্দৰাম বৰকায়ৰ সময়ত উৰ পাৰে শৰাইঘাটত এজন ফুকন আছিল—তেওঁক শৰাইঘটীয়া ফুকন’ বুলি- ছিন। সেই সময়ত আহোমৰাজাৰ কামৰূপত প্ৰথম অধিকাৰ স্থাপন; তদুপৰি এই সময়ত গডগাৱত কেইবা- জনা ৰাজা পাতা আৰু ভাঙা হয়। তাৰ ফলত কামৰূপত থাকা আহোম বিষয়াসকল অত্যাচাৰী হৈ উঠে। শৰাইঘটীয়া ফুকনৰ কামৰূপত খলিহা নামে গাৱত এখান খট আছিল। শৰাইঘটীয়া ধুকন মাজে যে তালৈ যায়, আৰু তেওঁ তাৰ ওচৰ কাষৰৰ মানুহৰ ওপৰত লোক লগাই দি অত্যাচাৰ কৰোবা। শাহ। খাটৰ ওচৰত চান্দৰায়ৰ ঘণী (ঘৰণ-ভাৰ্য্যা)ৰ খাট নামে এখান পাট আছিল। চান্দৰায় এবাৰ সই খাটলৈ যাওঁতেও শৰাইঘটী ফুকনৰ লোকে তেওঁক অপমান দিয়ে। চান্দৰায়ে তাতে কৰি এই ঘটা ফুকনক ধৰাই অনাই অমনি দিযে। শৰাইঘটী ফুকনে বিজিত লোকৰ হাতত অপমান এই গড়গাঁৱলৈ যায়, আৰু ৰাজক ধৰি মিলি গুৱাহাটীৰ বৰফুকন হৈ আহে। তেওঁ আহিয়েই চায় বৰক আৰু তেওঁৰ ভাযেক গোবিন্দৰায় চৌধাৰীক ধৰি আনিবলৈ পানীফুকন এজনক পঠায় দিয়ে। bান্দৰযে এই সংবাদ ভিতৰুৱাভাৱে আগতে পাই স্ত্ৰী-পৰিজনক আত্মীয়-স্বজনৰ ঘৰলৈ পঠাই দি বৰক্ষেত্ৰৰ সৰিাতলীৰ জঙ্গলত কিছুমান মানুহেৰে সৈতে আশ্ৰয়। চান্দৰাষৰ ঘৰ চাউলখোৱা নদীৰ পাৰৰ তাপাত আছিল। পানীফুকন সসৈন্যে আহি পৰি উদং দেখি আচৰিত হল। তেওঁ ওচৰ কাৰৰ গাওঁবোত চায়ৰ সংবাদ সুধিও নিৰাশ হল। আহোম ৰাজবংশৰ লাক ভেদনীতিত পাৰ্গত; পানীফুকনে চাদৰায়ৰ বংশৰ পাৰ এমাইলমান দূৰত থাকা জয়সাগৰৰ নামক মাই আনি নানা প্ৰলোভন দেখুৱাবলৈ ধৰিলে। পানীফুকন কৃতকাৰ্য্য হল—জয়সাগৰৰ ভাগীৰ পচৰে চান্দৰায়ক ধৰাই দিলে। চান্দৰায়-গগাবিন্দৰায় বন্দীভাৱে গুৱাহাটীত উপস্থিত হয়। কিন্তু চান্দৰায়ৰ ব্যবহাৰত বৰফুকন সন্তুষ্ট হৈ .ওঁক বিদায় দিয়ে। এইজনা বৰফুকন কোন আছিল বুৰঞ্জীত ধৰিব পাৰা নাযায়। উজনিৰ আত্মকলহৰ আৰু এটা দৃষ্টান্ত নিদিলে আমাৰ সম্পূৰ্ণ নহব। সেই কাৰণে বিখ্যাত শিৰোমণি Yাৰ বংশধৰৰ ভিতৰত ঘটা কলহৰ উদাহৰণ এটা দিয়া হল :- হৰিচৰণ ঠাকুৰৰ কন্যাৰ পুত্ৰ দামোদৰ আতাৰ বংশধৰসকলক নৰোৱাবংশ আৰু চতুৰ্ভুজ ঠাকুৰৰ কন্যাৰ পুত্ৰ অনন্ত আতাৰ বংশধৰসকলক শলগুৰি বংশ বোলে। এই দুই বংশৰ বংশধৰসকলে প্ৰথমতে

  • ১৬৭০ খৃঃ অৰৰ পাচত অৰ্থাৎ চক্ৰধ্বজসিংহৰ পাচত ১৬৮১ খৃঃ অদলৈ উদয়াদিত্য, চুৰুফা, চুহুমুঙ্গ, গোবৰৰাজা, চুজিনা,

ডৈা আৰু চুলিফা বা লৰাৰাজা, এই সাতজন ৰাজা হৈছিল।