পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১। কায়স্থ সমাজৰ ইতিবৃত্ত। এজনৰ লগতো নানা কাৰণে কল হবলৈ ধৰে। কায়স্থসকলৰ ভিতৰত আত্ম-কলহ কিমান দূৰ পাইছিল তাৰ উদাহৰণ এটা তলত দিয়া। এই ঘটনাতে বৃটিচ আমোলত চুটিয়াপাৰৰ ভুটুংভাঙা চৌধাৰীৰ পুত্ৰ কালীদত্ত ডেকা আৰু মদাৰ বৰকাকা, (পাচত চৌধাৰী) বংশৰ ভিতৰত ঘটিছিল। দুটুংভাঙা চৌধাৰীৰ মৃত্যুৰ পাচত এই বংশৰপৰা চৌধাৰী কি যায় আৰু মদাৰতাৰ চৌধাৰী বংশ ক্ষমতাশালী হৈ উঠে। কিবা কথাত দুয়ো ঘৰৰ ভিতৰত মনোমালিন্য ঘটাত মদাৰতৰ ঘৰে চুটিয়াপাৰাৰ ঘৰক ধৰ্মোত্তৰ মিচ্যুত কৰিবলৈ যত্ন কৰে। তাৰ ফলত দুযযা ঘৰৰ ভিতৰত বহুত দিন মোকৰ্দমা চলে আৰু উভয় ঘৰৰ বহুত ধন হানি হয়। কালীদত্তৰ কন্যাৰ পুত্ৰ শ্ৰীযুত শিৱৰাম দত্ত মহাশয়ৰপৰা জানিবলৈ পোৱা হল—মদাতলাৰ ঘৰৰ এই সময় তিনি ঘাগৰী টকা খৰচ হয় আৰু চুটিয়াপাৰাৰ ঘৰৰ অৱৰ সম্পত্তি শেষ হোৱাৰ পাচত স্থাৱৰ সম্পত্তিও কিছু বিক্ৰী যোৱাৰ দৰে হয়। শ্ৰীযুত শিৱৰাম দত্ত মহাশয়ৰপৰ। উক্ত মোকৰ্দমাৰ ফয়চলাৰ নকল এটি পোৱা হৈছে; ইযাক তলত দিয়া হল। এইবোৰ দেখিলেই পাঠকসকলে বুজিব পাৰিব আমাৰ ভগা বিষৰ ওপৰত বিষয়াসকলে কিদৰে প্ৰতিশোধ লৈছিল। আমি আগতে দখল অনুসৰি নানকাৰ, ধৰ্মোত্তৰ মাটি বৃটিচ আমোলত বহাল ৰাখা আৰু দখল নাথাক। মাটি বাজেয়াপ্ত কৰাৰ কথা উল্লেখ কৰি আহিছে; আগৰ ৰাজদত্ত ফলি বা পেৰাকাকত দেখুৱালেহে ধৰ্মোত্তৰ বা নানকাৰ মাটিত স্বত্ব বৰ্তাৰ কথাও কৈ আহিছে।; এই ফযচলাহ তাকে। পাঠকসকলে দেখা পাব। আহোম আৰু বৃটিচ অমোলৰ ১ম গত ভাঙা যোৱা বিষযা কিছুমানে সময় মতে কাকত পত্ৰ দেখুৱাব নোত বা ডলিখিত কালাদ ডেকাৰ দৰে মোকৰ্দমা পাতি কৰিব নোৱাৰাত যে বাজদত্ত ভূমিৰপৰা বঞ্চিত হৈছিল তাক সহজতে অনুম ন কৰিব পাৰি।

(এই লাইন ইংৰাজী, পঢ়িব পৰা নাযায) পুৰণি লিখাৰ ধৰণ কোনো ৰকম ব্যতিক্ৰম কৰা নহল। ('opy- কমিচনাৰ শবচন্দ্ৰ ৰায় এ চিন্তাদাৰ নকল মোতাবেক আসল ellj. K Jenkins Spl. Com. খুঃ ১৮২৯ বেকাৰি কাচাৰি কৰ্মীসনৰি এজলাৰ শ্ৰীশ্ৰীমেজৰ ফ্লাশীষ, জিঙ্কী সাহেব স্পেসিয়েল কমীসনৰ এলাকে মুলুকে আসাম ও গয়ৰহ সন ১৮৪৭ ইংৰেজী ২০ নবেম্বৰ মোতৰেক সন ১২৫৪ তাৰিখ ৫ অগ্ৰহায়ন মোকাম গোহাটী। মোলকে জেলা কামৰূপ-