পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত - পালদেৱ আতাৰ চৰিতৰপৰা জনা যায়—তেওঁ নাজিৰাৰ ওচৰৰ কায়স্থ-ভূঞাৰ সন্তান আছিল। প্ৰভু শ্ৰীমন্ত শঙ্কৰ কিছুকাল পাটবাউসীত থাকি ধৰ্ম প্ৰচাৰ কৰি ২য় বাৰ তীৰ্থলৈ যায়। এইবাৰ তীৰ্থৰপৰা, ঘূৰি আহোঁতে কোচবিহাৰত সোমাইছিল; তাৰ ৰাজা আৰু দেৱান চিলাৰায়ে বিশেষ সম্মান, কৰে। তাৰ পাচত আৰু কিছুদিন পাটবাউসীত বাকি ১ম ঠাকুৰ ৰামানন্দক লগত লৈ কোচবিহাৰলৈ যায়। কোচবিহাৰৰ “কাকতটা” নামৰ ঠাইত প্ৰভই বাস কৰিছি—ই বৰ্তমান কোচবিহাৰ নগৰৰপৰা প্ৰায় দুই মাইল দূৰ। তোৰষাই তাক ধ্বংস কৰিছিল, বৰ্তমানে হাত চাপৰি পৰি এক বিঘামান মাটি ওলাইছে। বৰ্তমানে এই মাটি ভেদাঙ্গা থানৰ অধিকাৰৰ ধৰ্মোত্তৰৰ ভিতৰত। মহাৰাজ নৰনাৰায়ণে প্ৰভুৰাৰ মদনমোহন বিগ্ৰহ স্থাপন কৰায়। এই বিগ্ৰহ বৰ্তমান সমযলৈকে ৰাজাসকলে পূজা অৰ্চনা কৰি আহিছে। প্ৰভু কিছুকাল থাকাত মহাৰাজ নৰনাৰায়ণে ধৰ্ম-গ্ৰহণ কৰিবলৈ বৰ অগ্ৰহু প্ৰকাশ কৰে। দেবী পূজা নেৰিলে তেওঁৰ প্ৰচাৰিত ‘এক দেৱ এক সেৱৰ একান্ত ভক্তি গ্ৰহণ কৰা সম্ভৱ নহয় বুলি বুজালে; তথাপি ৰাজাই নেৰাত ভক্তি-ব্যভিচাৰ নকৰি কাকতকুটাত প্ৰযাণ লাভ কৰে। প্ৰভুৰ কোচ- বিহাৰ লীলা বৰ্ণোৱা ই স্থান নহয়- আগ্ৰহ কৰা পাঠকসকলে গুৰুচৰিত পঢ়িব বুলি আশা কৰিলোঁ। এই সময়ত প্ৰত্ব মাজে সমষে ৰাজাৰ সভা-পণ্ডিতৰূপেও শোভা পে ৱা দেখা যায়। প্ৰভুৰ প্ৰভাৱতে মহাৰাজ নৰনাৰায়ণৰ সভাৰ অন্যান্য পণ্ডিতসকলে সংস্কৃত, অসমীযা অনেক পুথি ৰচনা কৰে। প্ৰভুযে এক ৰাতিৰ ভিতৰতে “গুণমালা” পুথি ৰচনা কৰি ভৰুকাত ভৰাই ৰজাক অৰ্পণ কৰিছিল—ইয়াক “হণী ভুৰুকাত ভৰোৱা” বোলে। মহাৰাজ নৰনাৰাষণে এদিন প্ৰভুৰ কথাত পৰিতুষ্ট হৈ তেওঁৰ ৰাজ আভৰণ (চোলা) প্ৰভূক দান কৰে। প্ৰভূমে বাধ্য হৈ গ্ৰহণ কৰিব লগাত পৰে; কিন্তু কাকতটালৈ ঘূৰি আহোতে তোৰসাৰ পাৰোবাইক হৰিনাম উচ্চাৰণ কৰা দেসি দান কৰি গুচি যায়। এই সময়ত প্ৰভূক হজে। পৰগনাও দিছিল; প্ৰভৃনে তাকে গ্ৰহণ নকৰিলে। প্ৰভুৱে এইদৰে ত্যাগৰ আদৰ্শ হৈ উঠিলেও পূত্ৰাদিৰ কযাল বৃত্তিলৈ দৃষ্টি ৰাখিছিল। পাটবাউসীত থাকেঁতে ঠাকুৰৰ শিক্ষাৰ ব্যৱস্থা সম্বন্ধে ৰামচৰ৭ 'কুৰে চৰিতও লিখিছে :-- “(সহি গ্ৰাম আছে চক্ৰপাণি •জুমদৰ। ১৭৮৬ শঙ্কৰ বোল চক্ৰপাণি ' তুমি. ৩যু আগে একখানি কথা কহে আন॥ ২৭৮৭ ৰমানন্দ •মে, মোৰ অ৮ পুত্ৰ খানি। মজুম' [৭ বিস্মশিগায়েক মহামাগণ। কেন শুনি আনন্দি ও ভৈল। চক্ৰপাণি। গুৰুৰ চৰণে ধৰি বুলিলন্ত বাণী। জানু পাৰি বলে বাপ আশীৰ্বাদ পাওঁ। পঠাইবাহ, কালি আমি, আজি ঘৰে যাওঁ। মোৰ মহা ভাগ্য ৩ পুত্ৰক পঢ়াইবো। কোটি পয়ৰ আয়ু সফল কৰিবো।” ২৭৮৯,