পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[চ]


 এই দেশৰ পূৰ্ব অঞ্চলত আহোম আৰু পশ্চিম অঞ্চলত কোচৰাজ্যৰ প্ৰভাৱ যেতিয়া প্ৰৱল হৈ উঠে কায়স্থ ক্ষত্ৰিয় প্ৰধান কিছুমানে ৰাজাৰ তলত বিষয় নকৰি ধৰ্মচৰ্চা কৰিবলৈ ধৰে। মন্ত শঙ্কৰদেৱ, গোবিন্দগিৰী, যদুদেৱ, নিৰঞ্জন গাভৰুগিৰী, যদু বৰুৱা, মনোহৰদেৱ, কবি কৰ্ণপুৰ আদি বহুতৰ নাম এই বিষয়ে উল্লেখ কৰিব পাৰি।

 আকবৰ বাদচাহে ৰাজপুত সামন্ত ৰজাসকলক যিদৰে বিষয় দি আৰু তেওঁলোকৰ লগত বৈবাহিক সম্বন্ধ কৰি মোগল ৰাজ্য বিস্তাৰ আৰু তাৰ শৃঙ্খলতা ৰক্ষা কৰিছিল, কোচৰাজ বিশ্বসিংহ আৰু নৰনাৰায়ণেও সেইদৰে ভোগীৰণ ৰাজা, প্ৰতাপ ভূঞা, গাভৰুগিৰী, ৰাজেন্দ্ৰপাত্ৰ আদিক হাত কৰি দেশজয় আৰু ৰাজ্যশাসন কৰিছিল। ইয়াৰ উপৰি ৰাজপুত পৃথিৰাজ যিদৰে ৰণৰ বৰ সেনাপতি হৈও আকবৰৰ সভাপণ্ডিত ৰূপে ৰাজসভা শুৱনি কৰিছিল, আমাৰ গাভৰুগিৰীও সেইদৰে-চিলাৰায় যুবৰাজৰ লগত যুদ্ধ জয় কৰি ফুৰিও কাব্য লিখি সংস্কৃত সাহিত্য ভঁড়াল চহকী কৰিছিল। ভাগৱত ৰচক ৰঘুদেৱৰ পাত্ৰ অনিৰুদ্ধ আদিও এই শ্ৰেণীৰেই পুৰুষ আছিল।

 প্ৰাচীন কামৰূপীয় কায়স্থ প্ৰধানসকলে একোখন সমাজ পাতি সুকীয়া সুকীয়াকৈ ৰাস কৰিছিল। প্ৰত্যেক প্ৰধান কায়স্থ ভূঞাৰ উপাস্য বিগ্ৰহ, পূজাৰী, পুৰোহিত, জ্যোতিষী, জ্ঞাতি, মালী, নাপিত, কুমাৰ, কমাৰ, কঁহাৰ, পানী আৰু থল ৰণুৱা আদি আছিল, আৰু বেছিভাগেই ভিতৰগড়, বাহিৰগড় নাম দি দুটাকৈ গড় মাৰি তাৰ ভিতৰত বাস কৰিছিল।

 প্ৰাচীন কায়স্থ সমাজৰ লোকসকলে সংস্কৃত ভাষা চৰ্চা কৰি কেইবাজনে ও সংস্কৃত গ্ৰন্থ প্ৰণযণ কৰিছিল; শ্ৰীমন্ত শঙ্কৰদেৱ, গাভৰুগিৰী, কবিৰত্ন সৰস্বতী আদিৰ নামো এই বিষয়ত লব পাৰি। অসমীয়া ভাষাৰ পুষ্টিসাধন কাৰ্য্যতো এওঁলোকে কম সহায় কৰা নাই। শ্ৰীমন্ত শঙ্কৰদেব, মাধৱদেৱৰ বাহিৰেও শ্ৰীমদ্ভাগৱত ৰচক কবি কেশৱ কায়স্থ, কবি অনিৰুদ্ধ, জয়দ্ৰথ বধৰ ৰচক কবিৰত্ন সৰস্বতী, কবি কংসাৰি, ৰামচৰণ ঠাকুৰ আদি বহুত কবিয়ে অসংখ্য পুথি ৰচনা কৰি অসমীয়া সাহিত্যভড়াল চহকী কৰি থৈ গৈছে।

 প্ৰাচীন কামৰূপীয় কায়স্থসকলৰ তিৰোতাসকলৰ ভিতৰতো বহুতে ধৰ্মচৰ্চা, শাস্ত্ৰচৰ্চা আৰু বিষয় চৰ্চা কৰি দেশৰ গৌৰৱস্থল হৈছিল। ইয়াৰ ভিতৰত কুসুম্বৰৰ সহধৰ্মিনী সত্যসন্ধ্যা আই, বাৰজনা ব্ৰাহ্মণ-কায়স্থ ধৰ্মাচাৰ্য্য পাতি ভাৰতৰ ভিতৰত প্ৰথম ধৰ্ম প্ৰচাৰকাৰিণী কনকলতা আই, সংস্কৃত চতুম্পাঠী স্থাপন কৰোঁতা গৌৰীপুৰৰ ৰাজৰণী তাৰিণীপ্ৰিয়া দেবী, ৰত্নমালা ব্যাকৰণ সম্পাদন কৰ্তী প্ৰতাপ ভূঞাৰ কন্যা ৰাণী ভানুমতী দেবীৰ নাম বুৰঞ্জীৰ পাতত এতিয়াও জিলিকি আছে।

 প্ৰাচীন কালৰ কায়স্থসকল চিত্ৰবিদ্যা আৰু খনিকৰি বিদ্যাতো অতি নিপুণ অছিল। শ্ৰীমন্ত শঙ্কৰদেৱে গোলোকধামৰ পট আঁকি “চিহ্নযাত্ৰা” ভাওনা কৰা বিবৰণ বোধকৰোঁ বহুতে পঢ়িছে; পৰবৰ্তী বহুত কায়স্থই বিশেষকৈ গোঁহাইসকলে নানা ৰং দি চিত্ৰ অঙ্কন, মুখা আৰু ভাওনাৰ নানা মূৰ্তি তৈয়াৰ কৰা, ধুনীয়া সিংহাসন, খাটোলা আদি কটা কাৰ্য্যত সুদক্ষ আছিল। এই গ্ৰন্থকৰ্তাই সংগ্ৰহ কৰা ১৪৬১ শঁকৰ দশম স্কন্ধ ভাগৱতৰ দুটা পৃষ্ঠাৰ ছবিৰ যি ফটো প্ৰকাশ কৰিছে সি চাবলগীয়া।

 আজি কেবা বছৰৰপৰা এই ইতিবৃত্ত খনিৰ অভাব বোধ কৰি থকা আমাৰ সমাজৰ লোকসকলে ইয়াক পঢ়ি চালে পৰস্পৰে পৰস্পৰক আৰু বহুতে নিজকো চিনি পাৰ বুলি মই সম্পূৰ্ণৰূপে বিশ্বাস