পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ছ]


কৰোঁ৷ এইটোও সকলোৰে জনা আছে, যে আমাৰ সমাজৰ কায়স্থৰ বাহিৰেও স্বৰ্গীয় আহোম ৰজাসকলৰ আমোলত আসামলৈ আহি উজানী আসামত বাস কৰা চলিহা, বৰুৱা, দুৱৰা আদি উপাধিৰ ৭ ঘৰ কায়স্থ-কাকতী, বাৰজনীয়া মহন্ত, আৰু বৰ্তমানে “বৰুৱা” উপাধি থকা মজুমদাৰ বৰুৱা বা কাকতী কায়স্থৰ বংশধৰ সকলো আছে। গ্ৰন্থকৰ্তাই উপৰোক্ত ইতিবৃত্তখনি লৰালৰিকৈ প্ৰকাশ কৰিব লগা হোৱাত সময় অভাবে এই সংস্কৰণৰ লগতে সেই সকলৰ ইতিবৃত্ত সংযোজিত কৰিবলৈ অপাৰগ হলেও ইয়াৰ ২য় সংস্কৰণত বা খণ্ডত এই ইতিবৃত্তৰ আৰ্হিৰে সমুদায় তথ্যৰে সৈতে তেখেতসকলৰো ইতিবৃত্ত সংগ্ৰহ কৰি প্ৰকাশ কৰিলে অসমৰ কায়স্থ জাতিৰ এখনি সম্পূৰ্ণ ইতিহাস হব বুলি মই ভৰসা কৰিলোঁ।

 সবশেষত কওঁ, যে গ্ৰন্থকাৰে চাকৰিত থাকি প্ৰাইমেৰী স্কুলৰপৰা কলেজলৈ সাহিত্য, গণিত, ভূগোল, বুৰঞ্জী আদি পাঠ্য পুথি, কথা সাহিত্য, বৈষ্ণৱ-সাহিত্য প্ৰচাৰৰ অৰ্থে কীৰ্তনঘোষা, গীতা, ১২ স্কন্ধ ভাগৱত আৰু অসংখ্য ধৰ্মপুথি সংগ্ৰহ-সম্পাদনত আৰু নিজব্যয়ে প্ৰকাশ কৰা কাৰ্য্যত ব্যস্ত থাকিও আমাৰ সমাজৰ যি এই অতি আৱশ্যকীয় গ্ৰন্থ সম্পাদন আৰু প্ৰকাশ কৰিলে তাৰ বাবে আমাৰ সমাজৰ তৰফৰপৰা তেওঁক আশীৰ্বাদ দিলোঁ; ভৰসা কৰোঁ-ভগবানে তেওঁক সমাজৰ আৰু নিজৰ কামত শক্তি দি দীৰ্ঘজীৱী কৰিব।


নলবাৰী

২৯১১-৪১

শ্ৰীপ্ৰতাপনাৰায়ণ চৌধুৰী।

ভাৰতীয কায়স্থ মহাসভাৰ সহকাৰী সভাপতি