সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত।

বৰগৰত মাধৱ ৰূপে হৰি তাতে তৈল বতি দিয়া অম্লান-আন্ধাৰ দূৰ কৈলা।” লাহে ব্ৰাহ্মণ ভক্ত সংখ্যা বাঢ়ি যাবলৈ ধৰিলে। এই ভক্ত-ব্ৰাহ্মণসকলৰ ভিতৰত কেইবাজনো

'উন পণ্ডিত আছিল; এইসকলৰ যত্নত প্ৰভুৰ ধৰ্মমত চাৰিওফালে বেচিকৈ প্ৰচাৰ হবলৈ

ৰিলে ৰায়ণ ঠাকুৰে কিদৰে প্ৰভু মত প্ৰচাৰ কৰিছিল গুৰু-চৰিতৰপৰা তলত তুলি দিয়া হল- “চক্ৰপাণি ভাৰ্য্যা তেন্তে মহা শুদ্ধমতি নাৰায়ণ-মুখে কথা শুনিলা সম্প্ৰতি॥ ভবানন্দে কৃষ্ণ কথা কহিয়া থাক। ব্ৰাহ্মণ্যৰ মনে যেন অমৃত যিস্ত। মন ৩ বোনস্ত কিনো ভাগ্যক লভিগে। নাৰাষণ মুখে কৃষ্ণ কথা শুনিলো। অনন্তৰে আপুনাৰ ঘৰে গৈল। “থ॥ স্বামীৰ আগত কহিলন্ত সব কথা।' ১৯৮১ ইয়াৰ পাচত এই চক্ৰপাণি আৰু ভাৰ্যাৰ ভিতৰত এই যথা লৈনে দন্দ হয়। নাৰায়ণ ঠাকুৰে সেই সংবাদ পাই চক্ৰপাণিৰ ঘৰত উপস্থিত হয়। অন্য কথা আলাপৰ পাচত নাৰায়। ঠাকুৰে কয় :--- “নাৰাযণ বোলে গুৰু-কপাক শনিব॥ চক্ৰপাণি বোলে অন কথা নাপাতি॥ ২৯৮৮ সেহি কথা ব্ৰাহ্মণ আমাতে কহিলন্ত। কথা শুনি আমি তাহাক খলিন্ত। কহিলন্ত কথা আমি নহিলো আক। যজমান আছে আবে কি কৰিবো আক। নাৰায়ণে বোলে শুনিযোক মহাশয। কৌটি যজমানে তাৰিবাক নপৰাষ। জগতৰ আদি দেৱ ত্ৰৈলোক্য ঈশ্বৰ। তাঙ্ক ভজিলিস তৰি সংসাৰ সাগৰ। নিখিল জন্মৰ অন্তে নতনু পায। কৃষ্ণক 'নত অ আয়ু বেৰ্থে বহি যায়। সবাতো অধিক দ্বিজ জন্ম অতিশয। দেখিযো বিচাৰি মহা ভাগৱতে কয়। ধৰ্ম অৰ্থ দেখা ইটো সমন্তে বিনাশী। মধু যেন শৱে কথা কৰৈ হাসি হাসি। হা ছাগ বাটি দেৱ-দেবী পূ। কৰে। স্বৰ্গ সুখ ভূক্তি দুনাই নৰকত পৰে। পৰম দুভ দ্বিজ জন্ম আছা পাই। ধৰিযো ভকতি ক্ষণে ক্ষণে আয়ু যায। নতনু নৌকা ইটো সুদৃঢ় সংসাৰ। উপদেশ দাতা লযো সুজন কাণ্ডাৰ ২৯৯৩ শঙ্কৰ স্বৰূপে কৃষ্ণ অংশ অবতাৰ। তাঙ্ক গুৰু লৈ কৰা পুৰুষ উদ্ধাৰ।” গুৰু চৰিতৰা ত—ৰামচৰণ ঠাকুৰ। এভুৰ ওচৰলৈ ধৰ্ম ধৰিবলৈ আহ লোকৰ সংখ্যা ক্ৰমে বাঢ়ি যাবলৈ ধৰিলে। তেতিয়া ৰামৰাম গুৰু, মাধৱদেৱ, নাৰায়ণ ঠাকুৰ আদিক শৰণ-ভজন দিবলৈ অজ্ঞা কৰিলে। গুৰু চৰিতত পোৱা যায়- কচাৰি ৰাজা আৰু জয়ন্তিয়া ৰাজায়ো প্ৰলুৰ ওচৰত মি-ধৰ্ম বিচাৰিছিল; প্ৰভুয়ে শ্ৰীমাধৱদেৱক পঠিয়াই তেওঁৰ দ্বাৰা সেই ৰাজা দুইজনক ধৰ্ম দিয়ায়।