- প্ৰহ্লাদ- তোৰ হৰিনো দেখিবলৈ কেনে।” প্ৰহ্লাদে কলে, “হবি মই কব নোৱাৰোঁ। কিমান ডাঙ্গৰ তেওঁক জুখিব পৰা সাধ্য মোৰ নাই। কিন্তু দেউতা, মই যিমান সৰু তেওঁ সিমান ডাঙ্গন। মই যিমান কুৰূপ তেওঁ সিমান সুৰূপ। তেওঁ আসোনাতকৈয়ো কিমান ডাঙ্গৰ! সচাকৈয়ে দেউতা, ’মই তেওঁৰ ফাললৈ ভালকৈ চাবই নোৱাৰোঁ৷ তেওঁৰ চাৰিউফালে যিহে উজ্জ্বল পোহৰ!” ৰজাই দেখিলে হৰিক নামাৰিলে আৰু উপায় নাই। কিন্তু হৰি কত থাকে, সিতে। একো নাজানে। সি তাৰ গদাডালৰ ফালে এবাৰ চালে — এবাৰ যদি হৰিক পায় গাৰ একোৰেই তেওঁৰ মূৰ ভাঙ্গি দিব। সি ভাবিলে, ছবি ক'ত থাকে এবাব জানি লব পাৰিলে সি হৰিক বিচাৰি উলিয়াবই উলিয়াব। প্ৰহ্লাদক সুধিলে “বাৰু, তই কৰ পাবনে, হৰি ক'ত থাকে? তেতিয়া প্ৰহ্লাদে কলে "হৰি এই সংসাৰৰ সকলো বস্তুতেই আছে। তেওঁ জলতো আছে, স্থলতো আছে মোতো আছে, আপোনাতো আছে; এই ঘৰতো আছে, গোটেই পৃথিবীতে আছে। তেওঁ নাই—ব্ৰহ্মাগুত এনেকুৱা এডোখৰ ঠাই নাই।” ৰজাই সুধিলে, “বাৰু, তই যে কৈচ, হৰি সকলো ঠাইতে 88 1
পৃষ্ঠা:প্ৰহ্লাদ.pdf/৫০
অৱয়ব