সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্ৰহ্লাদ- সিহঁতে ভাবিছিল, প্ৰহ্লাদৰ মৰা শাটোহে পাব। কিন্তু দুৱাৰ মেলি দেখিলে প্ৰহলাদ জীয়ায়েই আছে। সিহঁতে বিচুৰ্ত্তি খাই মূৰেকপালে হাত দি বহি পৰিল। ৰজা এই বাৰ বৰ চিন্তাত পৰিল। ইমানবোৰ বুধি কৰিও প্ৰহ্লাদক মাৰিব নোৱাৰিলে। কিন্তু সভাসদ এটাই কলে, “মহাৰাজ, প্ৰহ্লাদক মৰাৰ বঢ়িয়া উপায় হৈছে, ডাঙ্গৰ কৈ জুই একুৰা ধৰি, তাতে পেলাই দিয়া। ৰজাই অইন উপায় নাপাই তাতে হয় দি, প্ৰহ্লাদক পুৰি মাৰিবলৈ হুকুম দিলে। ওচৰৰ হাবিত যিমান শুকান কাঠ আছিল সকলোখিনি অনাই এঠাইত দ’ম কৰালে। বান্ধি কেউপিনে খৰি থৈ জুই পিচত প্ৰহ্লাদক খুটা এটাত লগাই দিয়ালে। জুই গৈ আকাশ পালেগৈ। সকলোৱে হায় হায় কৰি উঠিল। আন কি ৰজাৰে৷ ইচ্ছা হৈছিল প্ৰহ্লাদক ক্ষমা কৰে। কিন্তু সেইটো অসম্ভৱ। প্ৰহ্লাদক এৰি দিলে হৰিৰ নাম দেশে দেশে প্ৰচাৰ হব। একেটি ভায়েকক যি হৰিয়ে মাৰি থৈ গল সেই হৰিক কেতিয়াও ৰজাই ইমান ডাঙ্গৰ হবলৈ নিদিয়ে। লাগে প্ৰহ্লাদেই মৰক। [ 80 1