- প্ৰহ্লাদ- পোহৰো এই ঘৰটোত সোমাব নোৱাৰে। এই ঘৰটো- লৈকে ৰজাৰ মানুহে প্ৰহ্লাদক ঠেলি সুমুৱাই দিলে। প্ৰহ্লাদে ঘৰটোৰ ভিতৰলৈ সোমাই দেখে, লাখে লাখে সাপ। কোনোটো ৰঙ্গা, কোনোটো হালধীয়া, কোনোটো কাপ কাপ। সিহঁতৰ ফোচফোচনিত কাণ ভাল মাৰে। সাপবোৰ তাতে কি ভয়ঙ্কৰ দেখিবলৈ! কিন্তু প্ৰহ্লাদ পৰ্বতৰ দৰে অচল অটল। তেওঁ মাথোন আঠুকাঢ়ি কৰ- তোৰ কৰি হৰিক চিন্তিছে। সাপবোৰে যেতিয়া দেখিলে সিহঁতৰ মাজত কোনোবা এটা সোমালহি, তেতিয়া সিহঁতে প্ৰহ্লাদক আহি বেঢ়ি ধৰিলে। সাপবোৰৰ মাজত খঙ্গাল ফেটীয়ে খোঁট দুটা মানকে মাৰি দিলে। কিন্তু হৰি যাৰ সহায় তাৰ ক'ত ভয়? প্ৰহ্লাদৰ একোৱেই নহল। সাপবোৰে যেতিয়া দেখিলে প্ৰহ্লাদক একো কৰিব নোৱাৰে আৰু প্ৰহ্লাদেও সিহঁতক একো অত্যাচাৰ কৰা নাই, তেতিয়া সিহঁতে প্ৰহ্লাদক এৰি চুকত নেৰ পাতি থাকিলগৈ। যি কেইটা সাথে প্ৰনদিক খুটিছিল সিহঁতৰ দাঁত ভাগি গল। পিচ দিনা যেতিয়া ৰজাৰ মানুক্ত দুৱাৰ খুলিবলৈ যায়, [ ৩৯ ]
পৃষ্ঠা:প্ৰহ্লাদ.pdf/৪৫
অৱয়ব