PLEASE HANDLE THE JOO GAREFULLY -প্ৰাদি- যত্ন কৰাহে উচিত। খঙ্গৰ মূৰত একো কৰা ভাল নহয়।” এই ভাবি ৰজাই মনৰ খঙ মনতে দমাই কলে “সোণ, হৰিৰ নাম আৰু নোলোৱা নহয় নে? মই হৰিৰ নাম ললে বেযা পাওঁ নহয়। মোৰ খঙ্ উঠে।” কিন্তু প্ৰহলাদে কলে, “দেউতা, যি জনে আজি এই ঘাতকৰ হাতৰ পৰা মোক ৰক্ষা কৰিছে তেওঁৰ নাম নলৈ তাৰু কাৰ নাম লম? তুমিও এবাৰ সেই হৰিৰ নাম লোৱাঁ। ৰক্ষা পাবা।” প্ৰহলাদ ক তেতিয৷ ৰজাই কোলাত তুলি লৈছিল; কথা শুনি আচাৰ মাৰি মাটিলৈ পেলাই দিলে। কি শাপদ! এই সৰু- লৰাটোৰ মুখত ইমান কথা! ৰজাই তৎক্ষণাৎ হুকুম দিলে, “ইযাক এতিয়াই হাতীৰে গচকাই মাৰগৈ।” যেনে হুকুম তেনে কাম। কোটোৱালহঁতে প্ৰহ্লাদক টানি গুচি গল। ৰজাৰ এপাল হাতী আছিল। সেই হাতীৰ পালটোক ভয় নকৰা কি মানুহ কি দৈত্য কোনো নাছিল। সিহঁতক দিনে ৰাতিয়ে বান্ধি থোৱাহে হৈছিল। ৰজাই সিহঁতক থৈছে কেবল দুষ্ট মানুহক গচকাই মৰাবলৈ। আজিলৈকে যে সিহঁতে কত দৈতা মাৰিছে তাৰ লেখ নাই। r 20
পৃষ্ঠা:প্ৰহ্লাদ.pdf/৪১
অৱয়ব