এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
-প্রহ্লাদ- “ও হৰি নমো দামোদৰ, যাদব দুঃখ নিবেদিবো কত । নভৈল ভকতি ইহ মনুষ্য জন্মত ( b ) বিপদৰ মাজেদি। খাঙ্গে বেজাৰে হিৰণ্যকশিপু সিংহাসনত বহি আছে। তেনেতে কোটোৱালহঁতে প্ৰহ্লাদক নি তেওঁৰ আগত উপস্থিত কৰিলেগৈ । প্ৰহ্লাদক দূৰত দেখি তেওঁ ভাবিলে, প্রহহ্লাদে নিশ্চয় ভয় খাই হৰিৰ নাম নলওঁ বুলি কৈছে। সি বৰ ভাল পালে । প্রহ্লাদেও বাপেকক সেৱা কৰিলে । হাজাৰ হওক বাপেক তেওঁৰ মহাগুৰু । কিন্তু পিচ মুহূৰ্ত্ততে কোটোৱালহঁতে তেওঁক সকলো কথা ভাঙ্গি কলে । কথা শুনি ৰজাৰ খঙ্গে মূৰৰ চুলি পালেগৈ । কিন্তু ৰজাই ভাবিলে “ইয়াক আৰু এবাৰ ভাল কৰিবলৈ [ 8 ]