- প্রহ্লাদ-- কেতিয়াও হৰৰি নাম নলয় । হিৰণ্যকশিপুৱে আৰু কৈ দিলে, যেন সিহঁতক শিক্ষা দিয়া হয়, হৰি সিহঁতৰ শত্ৰু বুলি । ৰঞ্জাৰ চাৰি পুতেকৰ পঢ়া আৰম্ভ হ'ল । প্রথম দিনাই পণ্ডিত দুজনে মন কৰিলে, প্ৰহ্লাদ লৰাটি বৰ বুধিয়ক, কিন্তু, তেওঁ সদায় কিবা এটা ভাবি থাকে । তাতোকৈ আচৰিত, কিছুমান আখৰ গাওঁতে তেওঁৰ চকুৰ পানী গালেদি বৈ গৈ কলপাতৰ লিখাৰ ওপৰত পৰি লিখাবোৰ ম'চ পেলায় ! পণ্ডিতে কন্দাৰ কাৰণ সুধিলে একোকে নামাতে। কিন্তু, লগৰ লৰাবোৰে সুধিলে কয়, “চোৱাঁচো, নাকান্দি কেনেকৈ থাকোঁ। হৰিৰ হৰিৰ কেনে কেনে দয়া ! আমি যি আখৰবোৰ চিনি পৃথিবাৰ জ্ঞান লাভ কৰিব পাৰোঁ, তাৰ ভিতৰতে হৰিৰ নামৰ আখৰবোৰ কেনেকৈ সোমাই আছে ! মই মাহিব লগা হ'লেই মনত পৰে হৰিৰ নাম ।” দৈত্য লৰা বোৰে হাঁ কৰি চাই থাকে । সিহঁতে প্ৰহ্লাদৰ কথা বুঝি- বকে নোৱাৰে ৷ বুঝে নো কেনেকৈ ? সিহঁতেতো হৰিব নাম শুনা নাই । বহুতে প্ৰহ্লাদৰ কথা উৰাই দিয়ে । কিন্তু প্ৰহ্লাদৰ কথা শুনি কিছুমান লাগে । সিহঁতে প্রহ্লাদক বেশি [ 2 ] লৰাৰ বৰ ভাল ধৰি হৰিব কথা
পৃষ্ঠা:প্ৰহ্লাদ.pdf/২৮
অৱয়ব