এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 0 ) আগৰ দিনত এতিয়াৰ দৰে গাৱে গাৱে পঢ়াশালি নাছিল। তেতিয়া গাওঁখনে পতি সকলো বিদ্যাত পাৰ্গত হৈ উঠা দুজনতিনিজনকৈ হে মাথোন পণ্ডিত আছিল । সেই পণ্ডিতসকলৰ ঘৰতে গৈ ছাত্ৰই পঢ়িব লাগিছিল । আজি- কালিৰ দৰে মাছুল বা ফিজ নিদি তেওঁলোকে গুৰুৰ কাম কাজ কৰি দিছিল। হিৰণ্যকশিপুৰ নগৰতো এনে দুজন ডাঙ্গৰ পণ্ডিত আছিল। সেই পণ্ডিতদুজনৰ ঘৰতে গৈ হিৰণ্যকশিপুৰ চাৰি পুতেকে পঢ়িব লাগিছিল । এই পণ্ডিত দুজনৰ নাম আছিল ষণ্ড আৰু আমাৰ্ক । লৰা গতাই দিওঁতে হিৰণ্য- কশিপুরে পণ্ডিতজনক কৈ দিলে, যেন তাৰ লৰাই [ ১ ]