সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- নাৰদ মুনিৰ কোলাত বহিল। নাৰদক ক'লে, “আৰু এটি গীত গাওক, মুনিদেৱ !” নাৰদে গালে,- “হৰি কথা ৰস নিৰ্ম্মল অমৃত যিটো জনে পান কৰে । -- সংসাৰ মধ্যত সিটো জন মাত্ৰ - সফল জনম ধৰে । } প্ৰহ্লাদে সুধিলে, “দেৱ, মোক এনেকুৱা নাম শিকাই দিব নোৱাৰেনে ?” নাৰদে তেতিয়া গালে, “হৰিৰ চৰণ চিন্তিয়ো চিত্ত হৃদয়ে সৰ্ব্বথা । মুখে হৰি বোল, কৰ্ণে শুনা হৰিকথা ।” নাৰদৰ গান শুনি প্ৰহ্লাদে তলকা মাৰি মুনিৰ মুখলৈ চাই ৰ'ল। তাৰ পিচত সুধিলে, “দেৱ, এই হৰি কোন ? মোৰ এটা কথা মনত খেলাইছে; মই সিদিনা আইক শুধিছিলোঁ,জোনটো কোনে কৰিলে । আয়ে মোক নকলে । মোৰ মনেৰে, এই হৰিয়েই হে কৰিলে। নহয়নে, মুনিদের, নহয়নে ?” প্রহলাদে আনন্দতে দুই ৰাহু তুলি নাচি পেলালে। নাৰদে গালে, [ 19 ]