সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্রাদ- প্রথম, তেঁওৰ বাপেক কোন ?” মুখলৈ চাই ৰ'ল। . “লৰাটোৱে মাকে তথা লাগি লৰাৰ এইবোৰ কি কৈছে !” অলপ ৰৈ মাকে কলে, “মই কব নোৱাৰোঁ।” তেনেতে নাৰদ মুনিৰ বীণা বাজি উঠিল ৷৷ মুনিৰ বীণাই গাইছে, 'হৰি কহ, হৰি কহু, হৰিয়েছে সাৰ, তপ, জপ, যজ্ঞ, যাগে, সিদ্ধি'নাই আৰ । ৰাণীয়ে নাৰদক আথেবেথে বহিবলৈ দিলে । নাৰদে বহি আকৌ গালে, – “হৰি বোল হৰি বোল কৰি মন স্থিৰ, তেরেসে সফল হোৱে মনুষ্য শৰীৰ ॥” নাৰদ মুনিয়ে ৰাণীক এবাৰ বৰ উপকাৰ কৰি থৈছিল ; সেই কাৰণে নাৰদে যিহকে কৰে, তাত কোনেও নামাতে। হিৰণ্যকশিপুৱেও নাৰদক ভক্তি কৰিছিল। নহলে হিৰণ্যকশিপুৰ ঘৰৰ ভিতৰত হৰিৰ নাম লৈ কোনে সাৰে ? P গান শুনি প্ৰহ্লাদৰ বৰ ভাল লাগিল। তেওঁ গৈ [১]