সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বধিলে আমাৰ ভ্ৰাতৃ কনিষ্ঠ। 11 দেৱ ব্ৰাহ্মণৰ চিন্তা, অনিষ্ট পৃথিবীক লাগি কৰা গমন । তপ জপ যজ্ঞ কৰিয়ো ছন ।। বিষ্ণু সে সবাৰ জানা আশ্ৰয় । গুরু ব্ৰাহ্মণৰ কৰা প্ৰলয় ॥” -প্রহ্লাদ- একেটি ভায়েক ; তাকে হৰিয়ে মাৰি থৈ গ'ল । সি ঠিক কৰিলে, হৰিক সি ভালকৈ এসেকা দিব ; "সি দেখুৱাব সি বানে হৰি বলী। হিৰণ্যকশিপুৱে সকলোকে কৈ দিলে, যে তাৰ ৰাজ্যত যেন কোনেও হৰিৰ নাম নলয় বা পূজা নকৰে। যদি কোনোৱে কৰে তৎক্ষণাৎ তাক পিঙত দিব । নাৰদ মুনিয়ে দেখিলে, কথাগৈ বৰ টানত পৰিল । তেঁও লাহেকৈ তাৰ পৰা আঁতৰি গুচি গ'ল। যাওতে বাটেদি বীণাত গাই গ'ল, 'হৰি কথা ৰস নিৰ্ম্মল অমৃত যিটো জনে পান কৰে । সংসাৰ মধ্যত সি সি জন মাত্র সফল জীবন ধৰে ৷