( ৮ )
অলক্ষিত ভাৱে নিয়া থৈলন্ত ভুমিত।
ৰাজা বোলে পুত্ৰ মৰি ভৈলা চুৰ্ণাকৃত্য॥
আথেব্ৰেথে ৰঙ্গে ৰাজা চাহিলন্ত পাচে।
দেখে হৰি সুমৰি প্ৰহ্ৰাদ বসি আছে॥
মাতে হিৰণ্যাক্ষে জে মন্তৃৰ মুখ চাই।
একোএ প্ৰকাৰে আক মাৰন নজাই॥
য়েবেসে জানিলো মোৰ মিলিলেক মৃত্যু।
মোহোৰ বঙ্শত উপজিলা ধূম্ৰকেতু॥
মন্তৃ বোলে ৰাজা মই জানো বুদ্ধি খানি।
কাষ্ট আনি তেতিখনে জালিলা অগনি॥
তাতে পুৰি তযু পুত্ৰ নমৰয় জেবে।
আক মাৰিবাৰ ৰাজা বুদ্ধি নাহি তেবে॥
ৰাজা বোলে জেন যুয়াই কৰিয়ো আপুনি।
জালিয়োক বহ্নি তেবে কাষ্টখৰি আনি॥
কাষ্ট আনি তেতিক্ষনে অগনি জালিলা।
সহশ্ৰেক ঘৃত আনি কলষে ঢালিলা॥
ঘৃত পাই তৈতিখনে জলিলা অগনি।
গগণে মণ্ডলে গৈয়া লাগিলেক ধ্বনি॥
জলন্তে ভৈগৈলা বহ্নি আকাষ সমান।
ৰাজা বোলে ঝাণ্টে কৰি প্ৰহ্ৰাদক আন॥
ৰাজাৰ আদেস ( হেন) সুনি দুতগনে।
হাতগলে প্ৰহ্ৰাদক বান্ধিলা তেখনে॥
অগ্নিত পেলাইবে লাগি লৈয়া জাই ধৰি।
প্ৰহ্ৰাদে বোলন্ত মোক ৰৈক্ষা কৰা হৰি॥