( ৭ )
তৈল্যত পেলাইবে লাগি লৈয়া জাই ধৰি।
প্ৰহ্ৰাদক তাতে পেলাইলেক ঢঙ্কা মাৰি॥
তাতে পৰি প্ৰহ্ৰাদে সুমৰে হৰি হৰি।
সদানন্দ ভগৱন্ত অনন্ত মুৰাৰি॥
ৰৈক্ষা কৰা হে প্ৰভু ভৈলো তজু দাষ।
ভকতবৎসল প্ৰভু নকৰা নৈৰাষ॥
জেবে হৰি সুমৰিলা ৰাজাৰ তনয়।
তপ্ত তৈল্য ঝুৰ ভৈলা জেন জলময়॥
অধিকে জলিলা কান্তি দেহা দশ গুনে।
হৰি ৰক্ষা কৰে জাক মাৰে তাক কোনে॥
দুনাই বিষ খুয়াইলেক বিষ নলাগিলা।
জানে দিয়া কাটিলেক খাণ্ডায়ে ভাগিলা॥
জলতো পেলাইলে তাতো নগইলেক তল।
মাৰিবে নপাৰি ভৈলা ৰাজায়ো বিকল॥
উৰ্দ্ধ শত জোজন পৰ্ব্বত গোট আচে।
তৈতে নিআ প্ৰহ্ৰাদক তুলিলেক পাচে॥
তৈৰ পৰা পেলাইলেক ৰাজাৰ আদেষ।
প্ৰহ্ৰাদ বদতি ৰৈক্ষা কৰা ঋষিকেশ॥
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত দেৱ ঋষিগন।
ইবেলিসে প্ৰহ্ৰাদৰ নাহিকে ৰৈক্ষন॥
তৈৰ পৰা পৰিলেক জিবে কেন কৰি।
প্ৰহ্ৰাদক ৰৈক্ষা কৰিয়োক মহা হৰি॥
তৈৰ পৰা প্ৰহ্ৰাদক পেলাইলা তেখনে।
আলগতে ঝম্পদি ধৰিলা নাৰায়নে॥