( ৫ )
হস্তিগন আদেষিলা মাৰা ঝাণ্ট কৰি।
দেখো কেন মতে আক ৰৈক্ষা কৰে হৰি॥
ৰাজাৰ সুনিলা হেনে প্ৰচণ্ড বচন।
কৌটি সহশ্ৰেক হস্তি ধাইলা তেতিক্ষন॥
একো একো হস্তি জেন পৰ্ব্বত সদৃষ।
দান্ত ভিৰি গৰ্যিয়া ধাইলেক দসো দিস॥
ৰাজা বোলে ঝান্টে মাৰা বিলম্ব নকৰি।
প্ৰহ্ৰাদে বোলন্ত মোক ৰৈক্ষা কৰা হৰি।
অন্তকালে প্ৰহ্ৰাদে সুমাৰে ঋষিকেশ।
তেতিক্ষনে হৰি তাৰ হিআত প্ৰবেশ॥
মাধৱত পৰে কোন আচে সংসাৰত।
তাৱেক্ষনে প্ৰবেশিলা তান সড়িৰত।
তেতিক্ষনে বজ্ৰ সম ভৈলা কলেৱৰ।
অচেদ অভেদ দেহা অজয় অমৰ॥
হস্তিগন বেঢ়ি দান্ত ভিৰি ষিৰ কন্ধে।
ভেদিতে নপাৰে (তাক )* অনেক প্ৰবন্ধে॥
সুণ্ডে মেঢ়াই আনি কতো চটকায়া পাৱে।
কিঞ্চিতো নটলে দেহা হৰিৰ প্ৰভাৱে।
দান্ত ভিৰিলেক জিতো দান্ত গৈলে ভাঙি।
সুণ্ড মেঢ়াইলেক জিতো সুণ্ড গৈলা চিঙ্গি।
মাৰিবে নপাৰি হস্তিগন অন্তৰিলা।
হেন সুনি হিৰন্যাক্ষ ৰাজায়ো ডৰিলা॥
মনে মনে গুনি ৰাজা কৰিলন্ত সাৰ।
হস্তিসাধা মন্ত্ৰ কিবা জানে দুৰাচাৰ॥
*ইয়াত এটা শব্দ পৰিছে।