সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

পাহৰণি পমি মধুৰ ৰূপত
 মিলি যায় স্মৃতি সতে,
কিবা দৃশ্য আজি মানসৰ তীৰে
 স্বৰগ দেখি আগতে।
সঞ্চলিছে ঘনে ভাববোৰ
 ধৰিছে মৃদুল তাল।
চপলা কল্পনা কুমাৰীবিলাকে
 গুঁথিছে কবিতা জাল।
অফুট সুৰেৰে হাঁহিছে গাইছে
 —নুশুনা স্বৰ্গৰ গীত।
ধেমালিৰে প্ৰাণ ধেমালি মগন
 হৰিছে মানুহ চিত।
ছাঁয়াময়ী কবিতাৰ আবৰণে
 শোভে মানসী-প্ৰতিমা,
তুলি লৈ সেই হৃদয়ৰ বীণ
 বৰষিছে মধুৰিমা।


৫৮