সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জোনাকী
 

নীল আকাশত বগলী পাখিৰে
 মেঘ হে নামিছে ধীৰে,
কুৱঁলী বিয়পা স্বৰ্গৰ দৃশ্য
 ছঁয়াময়া গিৰিশিৰে।
পাহৰা ৰাজ্যৰ এন্ধাৰ চুকত
 মানস সৰসা মাজে
প্ৰফুল্ল অথিৰ আনন্দ কমল
 অপূৰ্ব্ব সুন্দৰ সাজে।
পাহৰণি কোলে অত দিন পৰি
 আছিল নিমাতী বীণা,
কোনে ভাবিছিল এই বীণখনি
 বাজিব নে কোনো দিনা?
আজি মাত-ফুটা প্ৰাণৰ বীণৰ
 তন্ত্ৰীত পৰিল টান,
আকাশী হাতৰ গম পাই উঠি
 মুকলি হইছে প্ৰাণ।
গুণ্ গুণ্ কৰি বীণৰ প্ৰাণত
 উঠিল আশাৰ সুৰ।
স্বৰ্গীয় ভাবৰ প্ৰতিধ্বনি তাত
 আজি মউ ভৰ পূৰ।

৫৭