এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা ।
বিমুখ ।
ভুমুকি মাৰিয়ে হলি সংসাৰ বিমুখ
সংসাৰৰ বিহে তোৰ দহিলে হৃদয় !
মৰম নোহোৱা হায় বাহিৰ সংসাৰ
ঘূৰি চাবলকে তোৰ ভাল নেলাগিল ।
দুৱাৰৰেপৰা উভতিলি ঘৰলৈ
কি দেখি নগল সত ওলাবলৈ তোৰ ॥
মানুহে মানুহে হায় ! মৰম নেদেখি
কোমল হৃদয় তোৰ গল পৰি জঁই ॥
নিজৰ যি দুখ মাথোঁ নিজেই বুজিলি
নগল যে মন তোৰ কাকো বুজাবলৈ,
এনেই দুখীয়া দেখি সংসাৰৰ প্ৰাণী
নেজাপিলি আৰু তোৰ দুখৰ কাহিনী ।
কলেও দুখৰ কথা কোনে পতিয়াব ?
নিঃকুটুমীয়া লোকে পুতৌ নেজানিব ।
সেই দেখিয়ে নে তই এৰি গলি হায় !
সংসাৰৰ ৰদে ভাপে পমিয়েই গলি
নীচৈ কুমলীয়া তই স্নেহৰ পুতলি !
বাৰীচুকে ৰিঙিয়াই ভাই লগে লৈ
ধেমালিত মগ্ন তোক দেখিলে শুৱায় ।
৬