এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্ধিয়া ।
সন্ধিয়া।
ৰঙা মুখে ৰঙা বেলি মাগিলে বিদায়
দেখা দিয়ে নিমিষতে সন্ধিয়া লুকায় !
প্ৰথম চুমাৰ ৰেখ নৌ পৰোঁতেই
নিঠুৰ বিৰহে তাক মছিয়ে নিলেই ।
হেঙুলি বিছেদ মেঘে আঁতৰাই ধৰে
বিধিৰ লিখন হায় ! নলৰে নচৰে ।
ই বজ্ৰ বাতৰি তই কত পুহিছিলি ?
মিঠা মুখে মেঘ হেৰ শতুৰু শালিলি ।
সন্ধিয়া আইটী হায় মুকলি চুলিৰে
নীৰৱে এন্ধাৰ কৰি বিশ্ব পৰিহৰে ।
যোৱাঁ আই যোৱাঁ আছে পছিম সাগৰ
বুৰ দি গুচোৱাঁ গৈ সন্তাপ ভাগৰ ।
আজলী ছোৱালী, হায় সংসাৰ ধাৰ
নৌ ধাৰোঁতেই গল, ইচ্ছা বিধতাৰ !
⸻
৫