পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


 (৫১)

দেখা যে মই পালোঁ তোমাক
 মেঘৰ সৰঙাৰে,—
 পূৱৰ বগী-ডাঁৰে।
কিমান বাৰু ভুৱা দিবা
 লুকাই আঁৰে আঁৰে,—
 তুমি, নৈৰ সিপাৰে—?
হালধি যে সানি দিলা
 গছৰ আগে আগে,—
সেই সোণালী পোহৰ ছাটি
 হিয়াত আহি লাগে,—
কিনো, উগুল থুগুল লাগে,—
মোক, তোমাকেহে লাগে!
আনন্দেৰে দিলা ভৰাই-
সোণৰ লাহ দিলা চৰাই
 পৰ্ব্বতে-পথাৰে।

শাওণ,
১৮৫১ শক