সমললৈ যাওক

পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


 (৫০)
তোমাৰ মুৰ্ত্তি গঢ়ি থৈছো মোৰ মূৰ-শিতানত
 তুমি দেখো দেখা দিলা হৃদয়ৰ নিজানত
 কি বুলি মই তুতি কৰিম,
 নেজানো কিহেৰে তুষিম?
 ৰঙতে মই ঢলি পৰিম ৰাতুল চৰণত।
 তোমাৰ সেৱাত দিবা মতি
 থাকে যেন অটুত শক্তি—
 তোমাত বিনে অন্য গতি
 নহয় ই জীৱনত।

আহাৰ,
১৮৪২ শক