পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


 (৪৮)
(আহা) শিৰত আদৰি লওঁ ৰাতুল চৰণ,
(তুমি) সুন্দৰ-সত্য শিৱ সনাতন;-
 হিয়াত উদয় হোৱা জগত-জীৱন
 আনন্দময় প্ৰভু দীপ্ত-তপন!
চিত্ত উপচি পৰে, পুলক-চকুলো জৰে,
 আনন্দে নধৰে দীন ভৱন;
ক্ষুদ্ৰ হৃদয় বেঢ়ি  বাজে তযু জয়-ভেৰী
 জয় জয় জগদীশ জগমোহন
 আনন্দময় প্ৰভু দীপ্ত তপন।
জয়ধ্বজা উৰিছে আকাশ জিনি
 পূণ্য-পোহৰ পৰে জগত জিনি;
প্ৰশস্তি-গীতে তযু ৰিণিকি ৰিণি
 ধ্বনিছে নিৰন্তৰ বিশ্ব ভুৱন।

ভাদ,
১৮৪৫ শক