পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


 (৪৭)

সৌহিত্য পূত-সলিল!


গম্ভীৰ নদৰাজ, গিৰিমালা-ৰঞ্জিত
 তীৰ্থ-সুশোভিত-তীৰ
 ৰবি-কৰ-লম্বিত-উত্তৰীয়
 তৰলিত-কৰুণা-স্ফীত হিয়
অমৃত-ক্ষীৰ ধৰ  কলুষ বিষ হৰ
 শান্তি-সুশীতল নীড়
 প্ৰসাৰি শ্যামাঞ্চল পাদমূলে
 প্ৰণত নীলাচল কূলে কূলে
ৰঙ্গ-তৰঙ্গিত প্লাৱিত প্ৰান্তৰ
 অৱনত পাদপ-শিৰ;-
বিৰিঞ্চি-নন্দন ভৃগু-ভয়-খণ্ডন
 মুনি-মনৰঞ্জন ধীৰ।

বহাগ,
১৮৫৫শক