পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিধ্বনি অহীন মুৰব্ৰহ্ম- ব্যাকুল স্পন্দন; ৰঙ্গিত সুৰ-সিন্ধু, অমৃত-মন্থন। সঙ্গীতৰ স্নিগ্ধ জ্বালা, সুৰৰ প্ৰদাহ, অনাবিল অজে মৃদু মধুৰ নিদাঘ। বিশ্ব ব্যাপি ধৰে বেঢ়ি ছন্দৰ লহৰী, ৰিণি ৰিণি যায় ধ্বনি ভেদি মৰ্ম্মপুৰী। এটি দুটি ক্ষীণ 'ৰাও নিবিড় নিশাত প্ৰতিধ্বনি উঠে কান্দি হৃদয়-হাত।