পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(২৯)

মাধৈ লতাৰ
   মধুবনত
    ফুলৰ দীপালি—
   (আজি) নিশা জোনালী
   তৰাৰ সতে
   আলাসতে
    পাতে মিতালি
   (আজি) ধৰাৰ দুলালী;
তিৰে-বিৰায়  থুপিতৰা,
    তিৰে বিৰায় ফুল;
ফুল-কুঁৱৰী  উজাগৰী
    ৰূপতে মছগুল-
   (আজি) গুলে-গুলালি
নীশা ৰাণী  নীলাম্বৰী
   ফুলে ফুলালী,-
   (উৰায়) ফুলৰ ফুলজাৰী।

⸺⸺

পুহ,
১৮৫৮ শক