পৃষ্ঠা:প্ৰতিধ্বনি.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(১০)

আহ পখি আহ,

 মোৰ ঘৰলৈ আহ—
মাতত জৰে মউ
 (তোৰ) ৰূপত চৰে লাহ।
গছৰ জোপত লুকাই বহি
নাম গাৱ কি, বনৰ পখি—
 হাবিত বান্ধি বাঁহ?
তোৰ সতে মই বান্ধিম সখি,
 বেগাই উৰি আহ—
মুকুতাৰ জিঞ্জিৰি লগাই,
ভৰিত দিম নুপূৰ পিন্ধাই
 সোণৰ সঁজাত বাঁহ,
মীনাকৰা বাতিত খাবি,—
মোৰে সতে নাম গাবি
 পূৰাই হাবিলাষ।

⸺⸺

আহিন
১৮৫৯ শক