পৃষ্ঠা:প্ৰতিধ্বনি.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৯)

আকাশতে মাৰে উঁকি

এটি দুটি  তৰা থুপি
 শূন্যতে আঁৰি নীলা ৰভা

সমাজ পাতি জোনোৱালী
জকে মকায়  ৰূপোৱালী
 নিজম নিশা তৰালিৰ সভা
নিশা ৰাণী  নীলাম্বৰী
সাজে কাচে  সয়ম্বৰী
 সেউজী সুন্দৰী মনোলোভা!

⸺⸺

বহাগ
১৮৫৮ শক