পৃষ্ঠা:প্ৰতিধ্বনি.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৭)

সূৰুৰ দেউ ৰঙা মুৱা,
সন্ধিয়াৰ নঙলাতে
আঁৰি মেঘৰ চান্দোৱা-
অস্তাচলৰ পাৰ ঘাটত
বিদায় লয় বহি পাটত
—সোণ মুকুতা বন্ধোৱা।

  •  * * *

বিয়লি বেলিৰ  মূৰটি পকা-
অগ্নি ৰথৰ  চলাই চকা-
ভাগৰতে ৰঙা মঙা
বাগৰে বুঢ়া ৰণুৱা।

ফাগুন,
১৮৫৫ শক