পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰতিধ্বনি

চেনেহী মোৰ মাতৃভাষা!

তুমি যে মোৰ বুকৰ বাণী,
তুমি যে মোৰ লীলাময়ী,
তুমি মোহ স্বপ্ন ৰাণী।

বিলালা মোক ইমান বেথা,
শিকালা মোক ইমান কথা;—
উল্লাসে উপচি পৰে
কি আনন্দ আকুলতা!
-নধৰে মোৰ হৃদয়ত,
জৰি পৰে চকুৰ পানী।

তুমি যে মোৰ দীপ্তি-হীনা
অযত্ন-মলিনা দীনা;—
কিহেৰে আই পূজোঁ, মোৰ
—সম্বল মাথোঁ জীৰ্ণ বীণা
তুমি যে মোৰ সুৰময়ী
প্ৰেমপূত মন্দাকিনী!

কাতি,
১৮৪৪ শক