পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৯২)

হৰ্ষে উৰ্দ্ধে  উৰ নিছান
 —মুক্তিৰ নৱ অভিযান।
আত্মাৰ উন্মেষ জীৱৰ স্পৃহা
হিয়াৰ স্পন্দন উদ্বেগ তৃষা
দীপ্তিময়ী  অগ্নি শিখা
 শীৰ্ষে তুলি লেলিহান—
 উৰ নিছান!
গৌৰৱ গৰ্ব্বে  উৎসৱ পৰ্ব্বে
 সঞ্চাৰ চিত্তে নবীন প্ৰাণ,
প্ৰাণ-প্ৰতিষ্ঠাৰ  বিপুল চেষ্টা—
 মুক্তিৰ নৱ
 অভিযান—
 উৰ নিছান!

⸺⸺

আঘোন,
১৮৫৭শক