পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৮৪)

ঋণ তই কাহানি কৰিবি শোধ—
আইৰ চেনেহৰ ঋণ তই কাহানি
  কৰিবিনো পৰিশোধ?

ধৰুৱাৰ নুসুজে ধূন ধিতিঙালি
  তুচ্ছ বিলাস আমোল আমোদ,
  অন্ধ জড়তা গৃহ-বিৰোধ;—

দিনে দিনে দিন   কালে যায় লীন,
  অবাবে জীৱন কাটে নিঃকিন,
জগতে যে ভাই ভাবিছে হীন,
  বুলিছে ভিকহু কানীয়া ধোদ!

 * * * *

খাই যি পাহৰে মাতৃৰ ঋণ
  তাৰো মঙ্গল নাই, নাথাকে চিন!
—চিন তই ৰাখিব লাগিব তোৰ,
  ৰণ তই জিনিব লাগিব যোধ,
  ঋণ তই কৰিব লাগিব শোধ।

⸺⸺

আঘোন
১৮৫৪ শক