পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৮৩)

অসমা নিৰুপমা জননী—
অয়ি অলঙ্ঘ্য-গিৰি দুৰ্গ-ৰাণী!
 গিৰিমালা-বেষ্টিত দুৰ্জয়-দুৰ্গে
 সগৰ্ব্বে তুলি শিৰ কত যুগে-যুগে
 শাসিছাঁ ধৰণী  মুনি-মন-মোহিনী
 সৌম্য-সুহাস্য-বদনী।
উচ্ছসিত-পৱনা  আকুলিত-গগনা
 জ্বলমল উজ্জ্বল শ্যামলাভৰণা;
বনফুল-গন্ধা  তটিনী সুকণ্ঠা—
 ঝঙ্কত ঘন বনানি।
কণক ঊষালোকে আনন-দীপ্ত,
 আকাশী সুধা নীৰে কলেৱৰ-সিক্ত,
বসন্ত-হিল্লোলে  উপবন বিহ্বল,
 মোদিতা মধু-ৰজনী!
 তুমি মহাতীৰ্থ  তুমি মোৰ স্বৰ্গ;
 তুমি মোৰ স্বপ্ন,  হৃদয়ৰ গৰ্ব্ব
 তুমি অন্নপূৰ্ণা  ধনে ধানে পূৰ্ণা
 কৰুণাময়ী অয়ি জননী।

⸺⸺

বহাগ
১৮৪২ শক