পৃষ্ঠা:প্ৰগতিৰ গান.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ দু আষাৰ

 সৰুৰে পৰা সঙ্গীতৰ প্ৰতি মোৰ এটা অনুৰাগ আছে। ছাত্ৰ জীৱনত এটা দীঘলীয়া সময় প্ৰণালীবদ্ধভাৱে সঙ্গীত সাধনাৰ মাজতে অতিবাহিত কৰোঁ। কিন্তু জীৱনৰ নানা ঘাট-প্ৰতিঘাতত সাধনা ৰূপ লৈ নুঠিল। পিছে সাধনা ৰূপ লৈ নুঠিল সঁচা, কিন্তু ই মৰা-সুতিৰ দৰে ঝিৰ-ঝিৰ কৈ বৈ থাকিল। সেয়েহে এৰো-এৰো বুলিও ইয়াক এৰিব পৰা নাই।

 সঙ্গীত চৰ্চাৰ আবেগময় সময়চোৱাত বিভিন্ন পৰিবেশত বিভিন্ন প্ৰয়োজনৰ তাগিদাত কিছুমান গীত লিখিছিলো। গীতবোৰৰ কেইটামান মোৰ প্ৰথম সঙ্গীতৰ গুৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথিতযশা শিল্পী চৈয়দ জমিৰুদ্দিন আহমেদদেৱক দেখুৱাইছিলোঁ।

 কেইটামান গীত মই নিজে সুৰ কৰি নিজে নিজে গাই পুলক অনুভৱ কৰিছিলোঁ। মোৰ প্ৰতিবেশী সঙ্গীতৰ সতীৰ্থ বন্ধু মাণিক দত্তই মোৰ সুৰে সুৰে গীতবোৰ নিজেও গালে আৰু আনকো শুনালে। শান্তি সাধনা আশ্ৰমৰ গুৰিয়াল শাস্ত্ৰজ্ঞ পণ্ডিত হেমভাইৰ নেতৃত্বত চলা সংস্কাৰমূলক অভিযানসমূহৰ জৰিয়তে সমগ্ৰ অসমত আৰু বৃন্দাবন

আদি ভাৰতৰ কেইবা ঠাইতো কেইটামান গীতে সমাদৰ লাভ কৰিছে। মোৰ গীতক

8