পৃষ্ঠা:প্ৰগতিৰ গান.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ...........সহজ-সৰল আৰু সাৱলীল ভাষা, গীতিময় ছন্দ আৰু জীৱন্ত আবেগৰ আবেদন গীতবোৰৰ বৈশিষ্ট্য।... গীতিকাৰৰ উদ্দেশ্য দেশসেৱা। অসমবাসীক হেৰোৱা অতীতৰ গৌৰৱৰ প্ৰতি সজাগ কৰি বৰ্ত্তমানৰ অৱসাদ আৰু এলাহৰ পৰা জাগি উঠিবলৈ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা দেশ ৰক্ষা কৰিবলৈ তেখেতে উদাত্ত আহ্বান দিছে।.......

ড° হীৰেন গোহাঁই

১০/১১/৯০


 ............এই কাম জটিল হলেও মূৰ পাতি লোৱাৰ কাৰণ হ’ল শ্ৰী বৈশ্যৰ সঙ্গীত চৰ্চাৰ প্ৰতি থকা আন্তৰিকতা। তেওঁ অৰ্থ, খ্যাতি বিচৰা নাই, নীৰৱে তেওঁ তেওঁৰ কাম কৰি আছে৷........বৈশ্যৰ গানবোৰত বৰ্ত্তমান অসমৰ পৰিস্থিতিৰ সুৰীয়া প্ৰতিধ্বনি আছে। সেইবুলি তেওঁৰ ক’তো উগ্ৰতা নাই। তেওঁৰ দৃষ্টিৰ আলিবাটে অসমৰ সীমা অতিক্ৰম কৰিছে।....... জাতি-উপজাতিৰ মাজত বিভেদ, অৰ্থনৈতিক দুৰৱস্থা, সংস্কৃতিৰ বিকৃতি, যুৱ-মানসিকতা এনেবোৰ প্ৰসঙ্গ তেওঁৰ গানৰ ভাষাত ফুটি উঠিছে।...

নলিনীধৰ ভট্টাচাৰ্য

১১/১/৯১