পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

(১১)

 মেৰিনাক জলদস্যুহঁতে লই গলত, তেওঁৰ বধৰ নিমিত্তে নিযুক্ত হোৱা মানুহ জনে থাৰচাচলৈ ফিৰি গল, আৰু ৰাণীৰ আগত কলে যে সি মেৰিনাক হত্যা কৰিছে। ইয়াক শুনি সেই দুষ্টা ৰাণী জনাই মেৰিনাৰ মৰণ হোৱা বুলি ঘোষণা কৰি দিলে ও মিছামিছি অন্ত্যেষ্টি ক্ৰিয়াদি সমাপন কৰি, নগৰৰ ভিতৰত বৰ সুন্দৰ এটি স্মৃতিস্তম্ভ নিৰ্মাণ কৰিলে।

 ইপিনে পেৰিক্লিচে নিজৰ সুন্দৰী জীয়েকক চাবৰ মনেৰে, বিশ্বাসী মন্ত্ৰী হেলিকেনাচেৰে সৈতে এই ঘটনাৰ অলপ পাচতে থাৰচাচত উপস্থিত হলহি। তেওঁ মেৰিনাক কেচুৱাতে সেই ঠাইত এড়ি অহাৰ পৰা মেৰিনা কিমান ডাঙৰ হৈছে, তেওঁ কেনে সুন্দৰী, কেনে গুণৱতী, এই বিলাক ক্লিয়ন আৰু ডাইওনিচিয়াইৰ চিঠিৰ পৰা জানিছিল মাথোন, কিন্তু সেইবিলাক নিজ চকুৰে দেখা নাই বা তাৰ নিজে প্ৰমাণ পোৱা নাই। এতেকে, মেৰিনাক দেখি কিমান আনন্দ পাব সেইটো ভাবিয়েই পেৰিক্লিচ অধীৰ হৈছিল। কিন্তু যেতিয়া শুনিলে যে মেৰিনা জীৱতালিকাৰ পৰা বাহিৰ হৈছে, আৰু যেতিয়া তেওঁৰ সুন্দৰী জীয়েকৰ সুন্দৰ স্মৰণ চিহ্ন দেখিলে, তেতিয়া তেওঁ দুখতে বিমোৰ হল আৰু মৃতা থেইচাৰ স্মৰণ-বস্তু মেৰিনা যত মৰিছে, সেই দৃশ্য চকুৰ অসহনীয় হোৱা গতিকে, অতি সোনকালে জাহাজত উঠিল।


২৩