পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

 সেই বাতৰি পাবৰ দিনাৰেপৰা তেওঁক নানা প্ৰকাৰ দুখ। শোকে বেৰি ধৰিলে, আৰু সেই দিনাৰপৰা তেওঁ কথা নোকোৱা হল। এনে কি, চাৰিও পিনে কি হৈছে বা কি ঘটিছে তাক কব নোৱাৰাত পৰিল,— তেওঁ শোকত বুৰ গল।

 

(১২)

 থাৰচাচৰ পৰা টায়াৰলৈ যাওঁতে, জাহাজ মেটালিনেৰে যাব লাগে। যেতিয়া পেৰিক্লিচৰ জাহাজ মেটালিনত উপস্থিত হল, তেতিয়া তাৰ শাসনকৰ্তা লিচিমেকচে জাহাজত ৰাজকীয় পতাকা দেখি, তাত কোন আহিছে সেইটো জানিবৰ কাৰণে এখন সৰু নাওত উঠি তাৰ ওচৰলৈ গল। অমাত্য হেলিকেনাচে তেওঁক সাদৰি ওপৰলৈ নিলে আৰু জাহাজৰ সমুদায় বৃত্তান্ত কৈ অৱশেষত কলে, “ডাঙৰীয়া! এই জাহাজখন টায়াৰৰ ৰজা পেৰিক্লিচৰ, তেওঁ আজি তিনি মাহ কথা কোৱা নাই আৰু একো খোৱা নাই বুলিলেই হয়। তেওঁৰ দুখৰ কাৰণ বহলাই কোৱাৰ একো দৰ্কাৰ নাই, কেৱল ইয়াকে কওঁ যে তেওঁৰ প্ৰিয়তমা স্ত্ৰী আৰু কন্যাৰ মৃত্যুয়েই প্ৰধান কাৰণ।”

 লিচিমেকচে তেওঁক চাবলৈ খোজাত মন্ত্ৰীয়ে তেওঁক ৰজাৰ ওচৰলৈ লৈ গল। তেওঁ পেৰিক্লিচক দেখি জানিলে যে এই মানুহ জনৰ চেহেৰা এক সময় নিশ্চয় অতি উত্তম আছিল;

২৪