পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৵৹

সচৰাচৰ যেনে হৈ থাকে জৰ্ম্মেনিতো সেয়ে হল অৰ্থাৎ জেদৰ কোবত দুই দলে সত্যক দূৰতে আতঁৰাই থৈ ককালত টঙ্গালী বান্ধি লাগিছিল। তাৰ ফলত দুয়োদলৰ ভিতৰত সত্যৰ নানাৰূপে অপলাপ হবলৈ ধৰিলে আৰু ইতিহাসৰ ফালে কণ কঠিয়া মৰিব লগা হল। এই বিসম্বাদৰ ফলত দুয়ো দলৰ ভিতৰত সচাঁই মিচাই অনেক কিতাপ লিখা হল আৰু সেইবোৰ লিখাত ৰাপেৰে পঢ়া অনেক মানুহো ওলাল। এই বিবাদৰ বেয়া ফল যিহকে নহওক কিন্তু সাহিত্যানুৰাগী এক শ্ৰেণীৰ মানুহ সৃষ্ট হল। এইটো এটা কম লাভৰ কথা নহল। জগতত যিমান ডাঙ্গৰ বাদ বিসম্বাদ বা গ্লানীয়েই নহওক, তাৰপৰা যে কিছুমান ডাঙ্গৰ উপকাৰো নহব তেনে নহয়। এনে বিসম্বাদৰ বা যুদ্ধৰ ফলত দুয়ো দলৰ ভিতৰত মনুষ্যত্ব গজি উঠে। দুই দলৰ ভিতৰত শক্তিৰ উন্মেষ হৈ দুয়কো সবল কৰে। লাহে লাহে জিদ বা অহঙ্কাৰ আঁতৰি গলে নিজে নিজৰ ভুল বুজিব পৰা হয় আৰু তেতিয়া অসাৰ যুক্তি আৰু আবৰ্জ্জনা আঁতৰি যায় আৰু দুয়োদল সজ উদ্দেশ্যেৰে অনুপ্ৰাণিত হৈ জাতিটোকে পুষ্ট আৰু বলিষ্ঠ কৰি তোলে। অন্ততঃ জৰ্ম্মেনিত ঠিক এনে হৈছিল। আমাৰ দেশতো যি সাম্প্ৰদায়িক বিদ্বেষৰ সৃষ্টি হৈছে তাৰো শেষফল ভালেই হব বুলি আশা কৰিব নোৱাৰি নে?

 ইউৰোপৰ কোনো কোনো দেশত বুৰঞ্জী সাহিত্য এই দৰে উন্নতিৰ ফালে আগ বাঢ়িলেও, ইংলণ্ডত হেনোভৰ ফৈদৰ ৰজাৰ অধীনত বুৰঞ্জীয়ে অলপো গা কৰিব নোৱাৰিছিল। ১৯ শতিকাৰ আৰম্ভৰ লগে লগে জৰ্ম্মান দেশৰ পাণ্ডিত্যৰ প্ৰভাৱত ইংলণ্ডীয় ইতি- হাসত এটা পৰিবৰ্তন আহি পৰিল। জৰ্ম্মান ঐতিহাসিক ৰেঙ্কে যি পথ নিৰ্দ্দেশ কৰিলে, সেই পথকে আশ্ৰয় কৰি এক শ্ৰেণীৰ ওখ খাপৰ ঐতিহাসিক উদ্ভৱ হল; জৰ্ম্মান পণ্ডিত লিওপোলদ ভন ৰেঙ্কে তেওঁৰ History of Roman and German races বোলা কিতাপৰ এঠাইত কৈছে যে আজিকালি ইতিহাস লিখকে প্ৰায় সমসাময়িক