পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
পুৰণি অসমীয়া সাহিত্য

আন্দোলনৰ স্বতঃপ্ৰেৰিত উদ্দেশ্যই আছিল সামাজিক সম্ভ্ৰম-নিৰ্বিশেষে সমগ্ৰ জাতীয়-হৃদয়কেই স্পৰ্শ কৰা। এই বিৰাট জাতীয় আন্দোলনৰ পৰিচালিকা শক্তি যি কৃষ্ণ চৰিত্ৰই বৈষ্ণৱ আদৰ্শ প্ৰচাৰৰ অঙ্গস্বৰূপে চিত্ৰ-বিদ্যাক অৱহেলা নকৰিলেও ইয়াক প্ৰধান অৱলম্বনৰূপে আশ্ৰয় কৰা নাছিল। এই বিষয়ত ৰাজপুতনা প্ৰদেশৰ অলপ বিশিষ্টতা দেখা যায়। তাত যেতিয়া বৈষ্ণৱ আন্দোলন জাগি উঠে, তেতিয়া তাক চিত্ৰ-বিদ্যাৰেও প্ৰচাৰ কৰিবৰ চেষ্টা এটি চলিছিল। কিন্তু শেষ ফল প্ৰায় একে ধৰণৰেই হ’ল। অঙ্কিত চিত্ৰবোৰ বৈষ্ণৱ মঠবোৰতেই আবদ্ধ থাকিল। এতিয়াহে অনুসন্ধিৎসু পণ্ডিতসকলে লোক-সমাজত সেইবোৰ প্ৰচাৰ কৰিব লাগিছে। বুৰঞ্জীৰ এইটো নিৰ্ঘাত সত্য যে যেতিয়া কোনো ঐশ্বৰিক পুৰুষৰ চৰিত্ৰ মহাজাতীয় উদ্বোধনৰ কেন্দ্ৰস্থ শক্তি ৰূপে পৰিগৃহীত হয়, তেতিয়া গীত, কাব্য, ভাওনা, চিত্ৰ-বিদ্যা, ভাস্কৰ্য, সুকুমাৰ শিল্পৰ সকলোবোৰ অঙ্গই সেই ঐশ্বৰিক পুৰুষৰ চৰিত্ৰ-মহাত্ম্য-প্ৰকাশত নিয়োজিত হয়। বৌদ্ধধৰ্ম যেতিয়া গোটেই এচিয়া মহাদেশত বিয়পি পৰে, তেতিয়া চিত্ৰ, কাব্য—বিশেষতঃ ভাস্কৰী-বিদ্যাৰ সহায়েৰে বুদ্ধদেৱৰ চৰিত্ৰ-মহাত্ম্য প্ৰকাশেই বৌদ্ধ আন্দোলনৰ পৰিচালিকা শক্তি-ৰূপে বিৰাজমান আছিল। ফলত, প্ৰস্তৰ-খোদিত বুদ্ধ-মূৰ্তি যিমান ওলাইছে বা আছে পৃথিৱীৰ ইতিহাসত ঐতিহাসিক বা পৌৰাণিক কোনো পুৰুষৰ সিমান মূৰ্তি ওলোৱা নাই৷ সেইদৰে ইউৰোপৰ মধ্য-যুগত যীশু খ্ৰীষ্ট্ৰৰ শিশু লীলাই চিত্ৰ-বিদ্যাক সমুজ্জ্বল কৰি তোলে। এক কৃষ্ণ-চৰিত্ৰকে অৱলম্বন কৰি ভাৰতীয় প্ৰাদেশিক ভাষাবোৰত যিমান তৰহৰ সাহিত্য আছে, বোধ হয় পৃথিবীৰ কোনো মহাপুৰুষৰ বিষয়েই তেনে সাহিত্য এটি গঠিত হোৱা নাই। এই বিশাল বৈষ্ণৱ সাহিত্যৰ এক উদ্দেশ্য কৃষ্ণ-চৰিত্ৰ জনসমাজৰ আগত সমুজ্জ্বল কৰি ধৰা। কিয়নো, ভাৰতীয় মহাজাতীয় বৈষ্ণৱ আন্দোলনত কৃষ্ণৰ শিকনিতকৈ তেওঁৰ চৰিত্ৰ বেছি ডাঙৰ উদ্বোধন-শক্তি আছিল।