পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
অঙ্কীয়া ভাওনা


 পুৰণি অসমীয়া বৈষ্ণৱ সাহিত্যত অঙ্কীয়া ভাওনাই অতি অপূৰ্ব ঠাই অধিকাৰ কৰি আছে। কীৰ্তন আদি ধৰ্মাত্মক কাব্যৰ ভিতৰেদি কৃষ্ণ-চৰিত্ৰ ব্যক্ত কৰা হৈছে; নানা পৌৰাণিক মূলৰপৰা সংগৃহীত হৰণ আৰু বধ-কাব্যবোৰত কৃষ্ণ চৰিত্ৰ ব্যক্ত কৰা হৈছে। পিছৰ কালত ভট্টদেৱে গদ্য-পুঁথিৰে কৃষ্ণ-চৰিত্ৰ ব্যক্ত কৰিছে। কিন্তু জাতীয় উদ্বোধনৰ ভাৱ প্ৰচাৰ কৰাত গীত আৰু ভাওনাৰ ঠাই সকলোৰে ওপৰত।

 গীতৰ সহায়েৰে মানুহৰ নিৰুদ্ধ চৈতন্যক জগাই গীতকেই সেই চৈতন্য-প্ৰভাৱৰ উপায়-স্বৰূপ কৰি লোৱা হয়। সকলো বিষয়েই সকলো মানুহৰেই অলপ নহয় অলপ অস্পষ্ট ধাৰণা আছেই; গীত বা কবিতাৰ সহায়েৰে সেই অস্পষ্ট ধাৰণাক স্পষ্টভাৱে প্ৰকাশ কৰি সেই ধাৰণা-প্ৰকাশক ভাষা ৰূপে নিৰ্দ্ধাৰিত কৰি দিয়া হয়। এই গীত বা কবিতাই বিশেষ জাতীয় আন্দোলনৰ বিষয়ত জন- সমাজৰ সাধাৰণ ভাষা-ৰূপে পৰিগৃহীত হয় আৰু আগেয়ে যিটো স্পষ্ট ধাৰণা আছিল সি গাঁতৰ সহায়ত ফুটি উঠি প্ৰাণ-চৈতন্যৰ লগত মিহলি হৈ যায়।

 কেইবছৰমান আগত বঙ্গদেশত যেতিয়া জাতীয় জাগৰণৰ সূত্ৰপাত হয়, তেতিয়া কবিবৰ দ্বিজেন্দ্ৰলাল ৰায়ৰ জাতীয় গীতবোৰে সমগ্ৰ বঙ্গদেশকেই মুখৰিত কৰি তোলে আৰু সেই জাতীয় আন্দোলনৰ বিষয়ত সেই গীতবোৰেই জন-সাধাৰণৰ ভাব-প্ৰকাশক উমৈহতীয়া ভাষা যেন হ’ল; এই জাতীয় ভাব সকলোৰে মনত বিস্তাৰ কৰিবলৈ তেওঁৰ ঐতিহাসিক নাটকবোৰেও কম প্ৰভাব বিস্তাৰ কৰা নাছিল।

 জাতীয় চৈতন্য জগাই দিবলৈ দ্বিজেন্দ্ৰলালৰ সঙ্গীতে যি কাম কৰিছিল, আধ্যাত্মিক চৈতন্য জগাই তুলিবলৈ শঙ্কৰদেৱৰ গীতবোৰে তাতকৈ বেছি কাম কৰিছিল। জাতীয় ভাবতকৈ আধ্যাত্মিক ভাবে সমাজত বেছি সোনকালে প্ৰৱেশ লাভ কৰে। জন-সাধাৰণৰ প্ৰাণ অতি সোনকালে স্পৰ্শ কৰে বুলিয়েই যে বৈষ্ণৱ আন্দোলনত আধ্যাত্মিক গীতৰ প্ৰাচুৰ্য হৈছিল, তাত অকণো সন্দেহ নাই।