পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
পুৰণি অসমীয়া সাহিত্য


দাম, সুদাম আদি গৰখীয়াসকলৰ লগত শিকিয়াত ভাত বান্ধি লৈ গৰু চাৰি গধূলি উভতি আহি বনৰ পাতে গাটো কাটিলে বুলি মাকৰ আগত অভিমানকৈ একো নোখোৱাকৈ শুই থাকিবৰ দিহা কৰে। আথেবেথে মাকে আহি খীৰ, ননী আদি গাত ঘঁহি গাটো জুৰাই দিয়ে। কেতিয়াবা ভোক লাগিছে বুলি পেটত হাত বুলাই মাকৰ আগত কান্দে। কেতিয়াবা আকৌ আনৰ লগত খৰিয়াল কৰি মাকৰ ভয়ত লুকাই ফুৰে। ইত্যাদি নানা ধৰণৰ হুবহু শিশু-চৰিত্ৰৰ কল্পনা-নৈপুণ্যত বৰগীতবোৰে কবিতা হিছাপে জগতৰ কাব্য-সাহিত্যত অতি ওখ ঠাই লাভ কৰিব পাৰে।

 ভাৰতীয় প্ৰাদেশিক বৈষ্ণৱ-সাহিত্যত এনে ধৰণৰ কবিতা অতি বিৰল। আন আন ৰস-প্ৰকাশক গীত-কবিতা আন আন সাহিত্যত বহু আছে। কিন্তু বাৎসল্য-ৰস-প্ৰকাশক এনে ধৰণৰ গীত- কবিতা নাই বুলিলেই হয়। বৈষ্ণৱ-ইতিহাসত মহাৰাষ্ট্ৰীয় ভক্ত তুকাৰামৰ গীত কেতবোৰত বাৎসল্য ৰস ফুটি ওলোৱা বুলি শুনা যায়। কিন্তু তেওঁৰ মূল কবিতাবোৰৰ লগত পৰিচয় নথকাত সেই বিষয়ত কোনো মতামত দিব নোৱাৰি।

 কিন্তু বাৎসল্য-ৰসতেই বৰগীতবোৰৰ বিচিত্ৰ ভাবৰ ওৰ পৰা নাই। পাৰিপাৰ্শ্বিক অৱস্থা স্নেহাভিষিক্ত হ’লে সৰু ল’ৰা এটিয়ে যেনেকৈ মুকলি মনেৰে নানান ধেমালি কৰিব পাৰে, সেই সকলোবোৰ ধেমালিয়েই ভক্তৰ মনত লীলা-কৌতুক হিছাপে গীতবোৰত ফুটি ওলাইছে। শ্ৰীকৃষ্ণক কেতিয়াবা বা গোৱালিনীসকলে খীৰ, লৱনু হাতত দি তেওঁক নচুৱাই তৃপ্তি লাভ কৰিছে। ভক্ত কবিয়ে “ত্ৰিজগত পতিৰ ৰাখোৱাল ৰূপৰ” তুলনা নেপাই কেতিয়াবা তেওঁক গোৱালিনীসকলৰ পুঞ্জীভূত প্ৰেম বুলি কল্পনা কৰিছে,

কানাইৰ ৰূপৰ উপমাৰ কিবা ক্ষেম।
একপুঞ্জ হুয়া আছে গোপিনীৰ প্ৰেম॥
সকল জগতে বোলে কানাই কলীয়া।
কালা নোহে শ্যাম ৰূপ ধৰিছে অমিয়া॥