পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
বৰগীত


বৰগীতবোৰৰ সৌন্দৰ্য এই প্ৰশ্নটিৰ ওপৰত নিৰ্ভৰ নকৰে দেখি সেইটোৰ আলোচনা ইয়াত কৰা নহ’ল।

 নাট-পদ আদিবোৰৰ দৰে বৰগীতবোৰতো ভগৱান কৃষ্ণৰ বিশাল পুৰুষত্ব ফুটি ওলাইছে। বৰগীতবোৰৰ বেছি ভাগতেই এফালে কৃষ্ণৰ পৰমপুৰুষত্ব আৰু আনফালে দহজনৰ এজন হৈ মানৱী লীলা-প্ৰকাশ— এই দুফলীয়া ব্যক্তিত্বৰ বিকাশ দেখা যায়। ধাতুৰ মুদ্ৰা এটিৰ এফালে ৰজাৰ চাব আৰু আনফালে মুদ্ৰাটিৰ বেচফেৰিৰ উল্লেখ থকাৰ দৰে গীতবোৰতো এফালে পৰমপুৰুষৰ মানৱী লীলাৰ ব্যক্তিত্বৰ চাব আৰু আনফালে ভক্তৰ ভাষাত সেই চাবখিনিৰ মূল্যৰ ইঙ্গিত আছে। শঙ্কৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে, সেই আটাইবোৰেই প্ৰাৰ্থনাসূচক। মানৱ জীৱন দুষ্প্ৰাপ্য অথচ ক্ষণভঙ্গুৰ আৰু মায়াময়; হৰি-ভকতি মোহাচ্ছন্ন জীৱন সমুদ্ৰত ধ্ৰুৱ- তৰা—এয়ে নানা ভাব আৰু ভাষাত শঙ্কৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপৰ্য। মাধৱদেৱৰ ৰচিত গীত কেতবোৰতো এই ভাবৰ পুনৰুক্তি আছে। কিন্তু তেওঁৰ বেছি ভাগ গীততেই শিশু-কৃষ্ণৰ বাল্য- জীৱনৰ ৰঙ-বিৰঙৰ চিত্ৰ ফুটি ওলাইছে। আন আন প্ৰবন্ধত দেখুওৱা হৈছে যে, বাৎসল্য-প্ৰেম মাধদেৱৰ ভক্তজীৱনৰ সৰ্বহ। গীত, পদ, নাট সকলোবোৰতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশু-চৰিত্ৰ সজীৱ কৰি তুলিছে।

 ল’ৰা কৃষ্ণৰ লীলা-ক্ষেত্ৰ ব্ৰজ। আৰু লীলা-খেলাৰ প্ৰধান প্ৰধান ভাৱৰীয়াসকল হৈছে—যশোদাদেৱী, স্বয়ং কৃষ্ণ, দাম, সুদাম আদি গৰখীয়া ল’ৰাবোৰ আৰু ৰাধিকা আদি গোৱালিনীসকল। এই নিৰীহ প্ৰাণীসকলৰ স্নেহ আৰু ভক্তিৰ গুণত আপোনা-আপুনি মেৰপাক খাই পৰমপুৰুষে গৰখীয়া ল’ৰাৰ ভাও ধৰি নানা ৰং- ধেমালিৰ অৱতাৰণা কৰিছে। তীব্ৰ ভাস্বৎ সূৰ্যৰ পোহৰে পাত্ৰভেদে স্নিগ্ধ, মধুৰ, কিৰণ বিলোৱাৰ দৰে পৰমপুৰুষেও পাত্ৰভেদে এই অজলা প্ৰাণীসকলৰ ভিতৰত সৰল মাধুৰ্য প্ৰকাশ কৰি সকলোৰে হৰণ কৰিছে।

 পুৱাতেই যশোদা দেৱীয়ে কৃষ্ণক গৰু চৰাবলৈ জগাই দিয়ে।