পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
বৰগীত

ইংৰাজ কবি হেৰিকেও ( Herrick ) কেতবোৰ আধ্যাত্মিক ভাবৰ কবিতা ৰচনা কৰি সেইবোৰৰ নাম দিছিল "Noble Numbers"; আমাৰ সাহিত্যতো বৰগীতবোৰ Noble Numbers.

 এতিয়া দেখা গ’ল যে, পুৰণি সাহিত্যত গীতৰ প্ৰাচুৰ্য থাকিলেও বৰগীতবোৰ ভাব আৰু ভাষাত অতিশয় বেলেগ ধৰণৰ। সাহিত্য আৰু ধৰ্ম-জগতত সেইবোৰে নতুন যুগৰ আগমন সূচনা কৰিছিল। এফালে লোকৰঞ্জন আৰু আনফালে অতৰ্কিতভাৱে আধ্যাত্মিকতাৰ ওখ আদৰ্শ লৈ জন সমাজৰ মন আকৰ্ষণ——এয়ে অসমীয়া গীত-সাহিত্যত বৰগীতৰ ঐতিহাসিক বিশেষত্ব।

 গুৰু-চৰিতত উল্লেখ আছে যে, গুৰুজনে আদিতে বাৰকুৰি ( ২৪০ টি) বৰগীত ৰচনা কৰিছিল। বৰপেটাৰ কমলা গায়ন নামে এজনে আওৰাবলৈ নিয়ে। চ’তমহীয়া বন পোৰা জুইত ঘৰ পোৰাত সেইবোৰ পুৰিলে। গুৰুজনে খেদকৈ বোলে, “বৰাৰ পো, অনেক শ্ৰমকৈ গীত খানি কৈলো, পুইলে। গীত কিছু কৰা। আমি নকৰো আৰু।” গুৰু-বাক্য মনত ধৰি মাধৱদেৱে নকুৰি এঘাৰটা (১৯১) টি[১] বৰগীত ৰচনা কৰিলে। প্ৰচলিত ছপা বৰগীত পুথিত এই সংখ্যাৰ অলপ তাৰতম্য দেখা যায়। কিন্তু মাধৱদেৱৰ ৰচিত গীতৰ সংখ্যা যে কিয় বেছি, ইয়াৰ পৰা বুজা যায়।

 সকলো জাতীয় আৰু মহাজাতীয় আন্দোলনক সাহিত্যই বতাহে বন পোৰা জুইক সহায় কৰাৰ দৰে সহায় কৰে। সাহিত্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব নোৱাৰিলে কোনো আন্দোলনেই যুগমীয়াকৈ তিষ্ঠিব নোৱাৰে; আৰু গীতেই আন্দোলনৰ সহায়কাৰী সাহিত্যৰ প্ৰধান অঙ্গ। নাট-পদ আদিতকৈও গীতবোৰে শঙ্কৰদেৱৰ বৈষ্ণৱ আন্দোলনক বিপুলভাৱে সহায় কৰিছিল। পাখি লগা কাঁড়ৰ দৰে শঙ্কৰ আৰু মাধৱদেৱৰ গীতবোৰ উৰি ফুৰি য’তে পৰিছিল ত’তে নৱ আধ্যা- ত্মিক ভাবৰ গুটি সিঁচিছিল। চৰিত-পুথিবোৰত বৰগীতে কেনেকৈ

প্ৰধান প্ৰধান শিষ্যসকলক শঙ্কৰদেৱৰ ওচৰলৈ আকৰ্ষণ কৰি আনিছিল,


  1. এই ১৯১ টিৰ ভিতৰত মহাপুৰুষ শঙ্কৰদেৱৰ ৩৪ টি গীতো পাব—সম্পাদক